Dailyhunt

ক'লা জামু কেতিয়াও নাখাও বুলি নক'ব! ক'লা জামুৰ স্বাস্থ্যকৰ গুণাগুণ জানিলে আচৰিত হ'ব!

আমি সকলো এই সৰু ক'লা ফলটোৰ সৈতে পৰিচিত। গ্ৰীষ্মকালত ক'লা জামু বহুতৰে প্ৰিয়। মে মাহৰ মাজভাগৰ পৰা আগষ্টলৈকে উপলব্ধ হয় ফলটো। সোৱাদত কোনোবাটো মিঠা, কোনোবাটো টেঙা-মিঠা। আছে বহু স্বাস্থ্যকৰ গুণাগুণ। চিকিত্‍সকে ক'লা জামু খোৱাৰ পৰামৰ্শ দিয়ে, বিশেষকৈ ডায়েবেটিচ আৰু হৃদযন্ত্ৰৰ সমস্যা থকা লোকসকলক।
  • ডায়েবেটিচৰ সমস্যা থাকিলে বাঢ়ি যায় হাৰ্ট এটেকৰ সম্ভাৱনা একে সময়তে বৃক্কৰ সমস্যা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। স্বাস্থ্যৱান হৈ থাকিবলৈ, লগতে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিবলৈ কলা জামু খোৱাৰ পৰামৰ্শ দিয়ে চিকিত্‍সকেও।

  • ক'লা জমুত চুক্ৰ'জ একেবাৰেই নাথাকে। ফলস্বৰূপে, ক'লা জামুৱে তেজত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে । অৱশ্যে ক'লা জমুৰ গুটি আটাইতকৈ বেছি উপকাৰী । ক'লা জমুৰ গুটিত জামভলিন থাকে। যি শ্বেতসাৰক চেনীলৈ পৰিৱৰ্তন কৰাত সহায় কৰে । ফলস্বৰূপে, ক'লা জামুৱে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে। । চিকিত্‍সকে ডায়েবেটিচ ৰোগীসকলক তেজৰ ইনচুলিনৰ স্তৰ বৃদ্ধি কৰিবলৈ প্ৰতিদিনে ক'লা জামু খাবলৈ পৰামৰ্শ দিয়ে। কেৱল সেয়াই নহয়, যদি সৰুৰে পৰা নিয়মীয়াকৈ ক'লা জামু খালে, ডায়েবেটিচ হোৱাৰ আশংকা হ্ৰাস হয়।

  • ক'লা জামুৱে হজম বৃদ্ধি কৰাত সহায় কৰে। কাল জামুত প্ৰচূৰ পৰিমাণে ফাইবাৰ থাকে। যকৃত সক্ৰিয় কৰে আৰু প্লীহা পাচন নলীক সুস্থ কৰি ৰাখে।

  • জামুত যথেষ্ট ভিটামিন চি থাকে। এই ফলটোৱে ভিটামিন চি-ৰ অভাৱত হোৱা ৰোগ প্ৰতিহত কৰে।

  • জামুৱে তেজৰ কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰি হৃদযন্ত্ৰস্বাস্থ্যৱান কৰি ৰাখে। ই শৰীৰত দূষিত কাৰ্বন ডাই অক্সাইডৰ স্তৰ হ্ৰাস কৰে আৰু শৰীৰৰ প্ৰতিটো অংশলৈ অক্সিজেন প্ৰদান কৰে। জামুৱে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।

  • জামুত কম কেলৰি থাকে, যি ক্ষতিকাৰক নহয় কিন্তু স্বাস্থ্যকৰ। গতিকে যিসকলে ওজনৰ বিষয়ে চিন্তিত আৰু নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে তেওঁলোকে জামু গ্ৰহণ কৰিব পাৰে।

  • ক'লা জামুৱে হাড় শক্তিশালী কৰে, লো, কেলচিয়াম, মেগনেছিয়াম আৰু পটাছিয়ামৰ দৰে অত্যাৱশ্যকীয় খনিজ পদাৰ্থৰ উপস্থিতিয়ে হাড় আৰু দাঁত শক্তিশালী কৰে।

  • জামুত এষ্ট্ৰেণ্টেণ্ট থাকে। ইয়াৰ ফলত, ই ছালৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: News18 Assamese