Dailyhunt
৫০০ টকাত কৰিব পাৰিব মহাকুম্ভত ডিজিটেল স্নান...

৫০০ টকাত কৰিব পাৰিব মহাকুম্ভত ডিজিটেল স্নান...

ডিজিটেল ডেস্কঃ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ মেলা। ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভ মেলা ২৬ ফেব্ৰুৱাৰীলৈকে চলিব। দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পৰা সকলো কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰীকে ধৰি ৰাজনৈতিক নেতা, পুঁজিপতি, দেশ-বিদেশৰ সৰ্বসাধাৰণ ভক্তলৈ সকলোৰে আগমণ ঘটিছে মহাকুম্ভলৈ।

এই পৰ্যন্ত মহাকুম্ভত ভি আই পি আৰু সাধাৰণ ভক্তকে ধৰি ৪০ কোটিতকৈ অধিক লোকে স্নান কৰিছে। প্ৰতিদিনে গড়ে ২ কোটি ভক্তই স্নান কৰিছে ত্ৰিবেণী সংগমত। তাৰোপৰি বিশেষ দিনসমূহত ভক্তৰ স্নান কৰাৰ সংখ্যা ২.৫ কোটিৰো ঘৰ অতিক্ৰম কৰিছে।

জনবিশ্বাস অনুসৰি মহাকুম্ভত স্নান কৰিলে সকলো পাপৰ পৰা মুক্ত হ'ব পাৰিব সৰ্বসাধাৰণ। এই মহাকুম্ভ পুনৰ ১৪৪ বছৰৰ পাছতহে আহিব।

সেয়ে এই সময়ৰো কোনো লোকেই যে পৰৱৰ্তী মহাকুম্ভ নাপায় সেয়া স্পষ্ট।

গতিকে স্বাভাৱিকতে মহাকুম্ভলৈ কোটি কোটি ভক্তৰ আগমণ ঘটিছে। যদিও মহাকুম্ভৰ প্ৰতি লক্ষ্য ৰাখি যোগাযোগ ব্যৱস্থা অধিক সম্প্ৰসাৰিত কৰা হৈছে তথাপিও সাধাৰণ ৰে’ল যাত্ৰাৰে এতিয়া প্ৰয়াগৰাজলৈ যোৱাটো প্ৰায় অসম্ভৱ হৈ পৰিছে।

ইতিমধ্যে সাধাৰণ ৰে’লযাত্ৰীসকলে প্ৰয়াগৰাজলৈ যোৱাৰ সুবিধা নাপায় ৰে’লষ্টেচনত ভঙা-চিঙা কৰাৰো ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ৰেলত উশাহ নোপোৱা অৱস্থাৰে প্ৰয়াগৰাজলৈ যাত্ৰা কৰিছে ভক্তই।

তাৰোপৰি ৰাজহুৱা বাছৰ লগতে নিজা বাহনেৰেও পথেৰে লাখ লাখ ভক্তৰ প্ৰয়াগৰাজলৈ আগমণ ঘটাত সৌসিদিনা ৩০০ কিলোমিটাৰৰ বিশ্বৰ আটাইতকৈ দীঘল ট্ৰেফিক জামৰো ইতিহাস গঢ়িলে মহাকুম্ভৰ বাবেই।

এনে এক পৰিবেশৰ সুযোগ লৈছে এতিয়া এক দুষ্টচক্ৰই। এই চক্ৰটোৱে সাধাৰণ মানুহৰ ধৰ্মীয় বিশ্বাসৰ গয়না লৈ ধন আহৰণৰ চেষ্টাত নিমজ্জিত হৈছে। শেহতীয়াকৈ সামাজিক মাধ্যমত দ্ৰুততাৰে ভাইৰেল হৈ পৰিছে দুষ্টচক্ৰই প্ৰচাৰ কৰা কেইবাখনো পোষ্টাৰ।

এই পোষ্টাৰসমূহৰ জৰিয়তে প্ৰচাৰ কৰা হৈছে, মহাকুম্ভত স্নান কৰাৰ এয়াই অন্তিম সুযোগ। সেয়ে এই সুযোগৰ এৰি কোনেও এৰি দিব নালাগে। এই চক্ৰটোৱে পোষ্টাৰখনত উল্লেখ কৰা মতে তেওঁলোকৰ হোৱাটছএপত আপোনাৰ এখন ফটো পঠাই দিলেই আপোনাৰ হৈ তেওঁলোকে মহাকুম্ভৰ ত্ৰিবেণী সংগমত স্নান কৰিব।

ইয়াৰ বিনিময়ত আপোনালোকে তেওঁলোকক দিব লাগিব ৫০০ টকা। এনেদৰে ডিজিটেল স্নান কৰিবলৈ তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈ মোবাইল নম্বৰো দিয়া হৈছে। অৰ্থাত আপুনি মহাকুম্ভলৈ নোযোৱাকৈয়ে তেওঁলোকৰ জৰিয়তে ডিজিটেল স্নান কৰিব পাৰিব।

এইদৰেই এতিয়া মহাকুম্ভৰ নামত হিন্দু ধৰ্মীয় লোকৰ বিশ্বাসক লৈ এচামে আৰম্ভ কৰিছে বেপাৰ। এই দুষ্টচক্ৰৰ কৱলত পৰি ইতিমধ্যে ধৰ্মীয় বিশ্বাসৰ নামত বহুতেই পইচা আদায় দিছে। ধৰ্মীয় বিশ্বাসক লৈ এইদৰে বেপাৰ মেলা এই চক্ৰটোৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন হৈছে সামাজিক মাধ্যমত। কিন্তু এই পৰ্যন্ত তেনে কোনো ব্যৱস্থা গ্ৰহণৰ খবৰ পোৱা নাই।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin