Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
আহি আছে নন্দিনী...

আহি আছে নন্দিনী...

ডিজিটেল ডেস্ক : দৰ্শকৰ মাজলৈ পুনৰ আহি আছে মোহময়ী অভিনেত্ৰী নন্দিনী কাশ্যপ। নিপুণ অভিনয় আৰু নৃত্যৰ দক্ষতাৰে পুনৰ কঁপাব ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চ।

ইতিমধ্যে অহা ২০২৬-২৭ নাট্যবৰ্ষৰ বাবে চুক্তিৱদ্ধ কৰা হৈছে নন্দিনীক। উক্ত বৰ্ষৰ বাবে অসমৰ আগশাৰীৰ নাট্যদল ৰাজতিলক থিয়েটাৰে চুক্তিৱদ্ধ কৰিছে নন্দিনীক। এই নাট্যবৰ্ষত ৰাজতিলকে তিনিখন ভিন্নস্বাদৰ নাট মঞ্চস্থ কৰিব। নাটকেইখন হৈছে- অভিজিত ভট্টাচাৰ্যৰ 'যৌৱন এজাক ধুমুহা', জিতেন শৰ্মাৰ 'ৰণক্ষেত্ৰ' আৰু ধ্ৰুৱজ্যোতি শৰ্মাৰ 'বাট চাম তোমালে বন্ধু'। এই নাটককেইখনত মুখ্য অভিনেত্ৰী হিচাপে দেখা যাব নন্দিনী কাশ্যপক।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, গুৱাহাটীৰ ৰাজপথত নন্দিনীৰ বাহনৰ খুন্দাত মৃত্যু হৈছিল ছামিউল নামৰ এজন অভিযান্ত্ৰিকৰ ছাত্ৰৰ।

এই ঘটনাৰে অভিযুক্ত হোৱাৰ পাছৰে পৰা ভ্ৰাম্যমাণৰ মঞ্চৰ পৰা আঁতৰি আছিল অভিনেত্ৰীগৰাকী। কেৱল ইমানেই নহয়, সেই সময়ছোৱাত এটা ভ্ৰাম্যমাণ নাট্যদলে আখৰা চলি থকাৰ মাজতে নন্দিনীৰ চুক্তি বাতিল কৰিছিল। অৱশ্যে এই দুৰ্ঘটনাৰ পাছতে তেওঁ কেইদিনমান গুৱাহাটীৰ কাৰাবাসত থাকিবলগীয়া হৈছিল যদিও পাছত জামিন লাভ কৰে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin