Dailyhunt
আজিৰ পৰাই সাৱধান হওঁক এইসকল লোক

আজিৰ পৰাই সাৱধান হওঁক এইসকল লোক

ডিজিটেল ডেস্ক: আজিৰ দিনত আমি সাধাৰণতে নাৰিকলৰ পানীখিনিকে আটাইতকৈ বিশুদ্ধ খাদ্য বা পানীয় বুলি বিবেচনা কৰো। এই পানীয়ত ইলেক্ট্ৰলাইট থাকে, যি শৰীৰৰ বাবে অত্যন্ত পুষ্টিদায়ক। কিন্তু, আপুনি জানি আচৰিত হ'ব যে, সকলোৰে বাবে উপকাৰী নহয় নাৰিকলৰ পানী।

নাৰিকলৰ পানীৰ পাৰ্শ্বক্ৰিয়া

শৰীৰক হাইড্ৰেচন প্ৰদান কৰিবলৈ আমি সঠিক আহাৰ আৰু তৰল গ্ৰহণ কৰিব লাগে। নাৰিকলৰ পানী হৈছে ইলেক্ট্ৰলাইটৰ এক সমৃদ্ধ উৎস। ই এনে এক উপাদান, যিয়ে শৰীৰত হাইড্ৰেচনৰ স্তৰ সন্তুলিত কৰাত সহায় কৰে। নাৰিকলৰ পানীত ইলেক্ট্ৰলাইটৰ লগতে পটাছিয়াম থাকে। কিন্তু চিকিৎসকৰ মতে, সকলোৰে বাবে উপকাৰী নহয় নাৰিকলৰ পানী। হয়, একাংশই নাৰিকলৰ পানী খাওঁতে সাৱধান হ'ব লাগে।

হৃদযন্ত্ৰত নাৰিকলৰ পানীৰ প্ৰভাৱ

নাৰিকলৰ পানীয়ে পটাছিয়ামৰ স্তৰ বৃদ্ধি কৰে, যি হৃদৰোগীৰ বাবে বিপদাশংকা বৃদ্ধি কৰে। দৰাচলতে, পটাছিয়ামে হৃদযন্ত্ৰৰ পেশীত বাধাৰ সৃষ্টি কৰে, যাৰ ফলত হৃদআক্ৰমণৰ সম্ভাৱনা বৃদ্ধি হয়। এই সমস্যাটো বৃদ্ধ ব্যক্তিসকলৰ ক্ষেত্ৰত অধিক হয়। কিয়নো, এই পৰ্যায়ত হৃদৰোগৰ আশংকা বৃদ্ধি হয়। সেয়েহে, বিশেষজ্ঞৰ মতে, বৃদ্ধ লোকসকলে নাৰিকলৰ পানী খুব কমকৈ খাব লাগে। নাৰিকলৰ পানী দৈনিক খাব লগা পানীয় নহয়। ই হাইড্ৰেটিং, গ্ৰীষ্মকালত শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰা আৰু অত্যাধিক ঘাম ওলোৱা লোকসকলৰ বাবে অধিক উপকাৰী।

কোনে খাব নালাগে নাৰিকলৰ পানী

১) যিসকলৰ বৃক্কৰ সমস্যা আছে, তেওঁলোকে নাৰিকলৰ পানী বেছিকৈ খাব নালাগে।

২) ডায়েবেটিচৰ ৰোগীয়েও নাৰিকলৰ পানীও কম খাব লাগে।

৩) নিম্ন ৰক্তচাপত আক্ৰান্তসকলে নাৰিকল পানী পৰিহাৰ কৰিব লাগে।

Also Read: ভাত খাই ভালপোৱাসকলে এই বিষয়ে জানি লওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin