Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
আজিৰে পৰা আৰম্ভ ৫২ সংখ্যক কেন্দ্ৰীয় বাথৌ পূজা মহোৎসৱ

আজিৰে পৰা আৰম্ভ ৫২ সংখ্যক কেন্দ্ৰীয় বাথৌ পূজা মহোৎসৱ

ডিজিটেল ডেস্কঃ আজি বাথৌ পূজা। অসমৰ অন্যতম জনজাতি বড়ো আৰু কছাৰীসকলৰ পবিত্ৰ উৎসৱ হৈছে এই বাথৌ পূজা। সাধাৰণতে এই অনুষ্ঠান বছৰটোত দুবাৰকৈ পালন কৰা হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে। বড়ো-কছাৰীসকলৰ বিশ্বাস হয় যে শিৱ তেওঁলোকৰ পিতৃদেৱ।

বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাক্সাৰ মুছলপুৰৰ সমীপৱৰ্তী বাথৌফুৰিত ১০ দিনীয়াকৈ আয়োজন কৰা হৈছে ৫২ সংখ্যক কেন্দ্ৰীয় বাথৌ পূজা আৰু মেলা। আজি প্ৰথম দিনা আৰজ বন্দনাৰে মুখৰিত হৈছে মেলাস্থলী। ১২ খন গাঁৱৰ মুখিয়ালে মেলাস্থলীত উত্তোলন কৰিছে নিজ গাঁৱৰ ৰাজহুৱা পতাকা। সমান্তৰালভাৱে মুখ্যদ্বাৰ উদঘাটন, বাণিজ্য মেলাৰ দ্বাৰ মুকলি, মন্দিৰৰ দ্বাৰ মুকলি কৰা হয়।

ইপিনে শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ ভাৱেৰে আয়োজন কৰা পূজা আৰু মেলাত ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin