Dailyhunt

আজিৰে পৰাই খোৱা আৰম্ভ কৰক এইকেইবিধ ফল

ডিজিটেল ডেস্ক: ভুল খাদ্যাভ্যাস তথা জীৱনশৈলীৰ বাবে বহুলোক ইউৰিক এচিডৰ দৰে বিপদজনক ৰোগৰ চিকাৰ হৈছে। যদি শৰীৰত ইউৰিক এচিডৰ স্তৰ বৃদ্ধি হয়, তেন্তে ই বহুতো গুৰুতৰ ৰোগৰ আশংকা বৃদ্ধি কৰে।ইউৰিক এচিডত আক্ৰান্তসকলে ঔষধ গ্ৰহণ কৰি ইয়াক নিয়ন্ত্ৰণত ৰাখে।কিন্তু ঔষধৰ সলনি আপুনি মাত্ৰ ৫ বিধ ফল গ্ৰহণ কৰিয়েই ইউৰিক এচিড নিয়ন্ত্ৰণত ৰাখিব পাৰে।এই ফলকেইবিধ হৈছে-

আভাকাডো

ইউৰিক এচিডৰ সৈতে যুঁজি থকা ৰোগীসকলৰ বাবে আভাকাডো অত্যন্ত উপকাৰী।ইয়াত স্বাস্থ্যকৰ চৰ্বি, এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন-ই ৰ দৰে বহুতো পুষ্টি থাকে।তদুপৰি, আভাকাডোত প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ আছে যি গাউট ফ্লেয়াৰৰ পৰা সুৰক্ষা দিয়ে।

চেৰী

চেৰী স্বাস্থ্যৰ বাবে খুবেই উপকাৰী।

ইয়াত এন্থোচাইনিন নামৰ এবিধ ৰঞ্জক থাকে, যি হৈছে এক শক্তিশালী এণ্টিঅক্সিডেণ্ট। ই শৰীৰৰ প্ৰদাহ হ্ৰাস কৰে আৰু ইউৰিক এচিডৰ স্তৰ নিয়ন্ত্ৰণ কৰে।

কমলা

ইউৰিক এচিড নিয়ন্ত্ৰণৰ বাবেও কমলা খোৱাটোও যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয়।কমলা খাই গাউট আক্ৰমণৰ আশংকা হ্ৰাস কৰিব পাৰে। ইয়াত ভিটামিন-চি যথেষ্ট পৰিমাণে পোৱা যায়। সেয়েহে ইয়াক বৃক্ক আৰু শৰীৰৰ বহুতো অঙ্গৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।

ষ্ট্ৰবেৰী

ষ্ট্ৰবেৰী ভিটামিন-চি-ৰ এক অতি ভাল উৎস। ইয়াত পোৱা পুষ্টিবোৰে ইউৰিক এচিডৰ স্তৰ নিয়ন্ত্ৰণ কৰে আৰু ই বৃক্কক স্বাস্থ্যৱান কৰি তোলে।

আনাৰস

আনাৰসত ভিটামিন-চি, খনিজ পদাৰ্থৰ দৰে পুষ্টি থাকে। যাক ইউৰিক এচিডৰ স্তৰ হ্ৰাস কৰাত সহায়ক বুলি গণ্য কৰা হয়। ই বৃক্ক স্বাস্থ্যৱান ৰখাত সহায় কৰে। আনাৰসৰ ৰস ইউৰিক এচিড ৰোগীসকলৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয়।

এইদৰে আপেল কেতিয়াও নাখাব, অন্যথা হ'ব স্বাস্থ্যৰ অৱনতি
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin