Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
আজিয়েই ঘৰত ৰোপন কৰক এইজোপা গছ

আজিয়েই ঘৰত ৰোপন কৰক এইজোপা গছ

ডিজিটেল ডেস্ক: এনে বহুতো গছ তথা উদ্ভিদ আছে যাক হিন্দু ধৰ্মত অতি ভক্তিৰে পূজা-পাতল কৰা হয়। বিশ্বাস মতে, এই গছবোৰত দেৱতাই বাস কৰে। যিকোনো দেৱতাৰ আশীৰ্বাদ পাবলৈ এই সেই বিশেষ গছজোপাক উপাসনা কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। আমাৰ সকলোৰে পৰিচিত লাজুকী বন সেই শুভ গছবোৰৰে অন্যতম। লাজুকী বন শনি আৰু ভগৱান শিৱৰ অতি প্ৰিয়। লাজুকী বন ঘৰত থাকিলে শনিৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব পাৰি। তদুপৰি, ৰাশিফলত শনি দুৰ্বল হ'লেও এই গছ ৰোপণ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। কিন্তু কেতিয়া, কেনেকৈ এই উদ্ভিদ ৰোপণ কৰিব লাগে, আজি সেই বিষয়ে জানো আহক-

শনিবাৰে ৰোপন কৰিব

এই গছজোপা ভগৱান শনিৰ অতি প্ৰিয়। যদি এই গছজোপা ঘৰত ৰাখিবলৈ বিচাৰে তেন্তে শনিবাৰেহে আপুনি ইয়াক ঘৰত ৰোপন কৰিব।

এই উদ্ভিদে শনি দেৱক প্ৰতিনিধিত্ব কৰে। তদুপৰি, যদি এজন ব্যক্তি শনিৰ কোপদৃষ্টিৰ বলি হৈছে, তেন্তে শনিবাৰে এই গছৰ তলত সৰিয়হৰ তেলৰ চাকি জ্বলাব।

দক্ষিণ দিশ ব্যৱহাৰ কৰিব

ঘৰৰ দক্ষিণ দিশত লাজুকী বনৰ গছ ৰোপণ কৰাটো শুভ বুলি গণ্য কৰা হয়। এই দিশত উদ্ভিদ ৰোপণ কৰি আপুনি ৰাহু আৰু শনিৰ সৈতে সম্পৰ্কিত ত্ৰুটিবোৰ আঁতৰ কৰিব পাৰে।

ঘৰৰ বাহিৰত ৰোপণ কৰা

বিশ্বাস অনুসৰি, ঘৰৰ বাহিৰত বা মুখ্য গেটত এই গছ ৰোপণ কৰাটো অতি শুভ। এনে কৰিলে ঘৰলৈ নেতিবাচক শক্তি অহাত বাধাৰ সৃষ্টি হয়, যিয়ে ঘৰখনৰ প্ৰতিজনৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলায়।

এইসমূহ কথা মনত ৰাখিব

ঘৰত লাজুকী বনৰ গছ ৰোপণ কৰাৰ আগতে কিছুমান বস্তুৰ বিশেষ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। সেই অনুসৰি, প্ৰতি সন্ধিয়া এই গছৰ তলত চাকি জ্বলাই ৰীতি-নীতিৰে উপাসনা কৰিব। গছজোপাত সদায়েই পানী দিব আৰু চাৰিওফালটো লেতেৰা হৈ থাকিবলৈ নিদিব। যদি আপুনি ঘৰৰ পৰা কোনো শুভ কামৰ বাবে ওলাই গৈছে, তেন্তে নিশ্চিতভাৱে এই গছজোপাৰ ফালে এবাৰ মন কৰি ওলাই যাব।

Also Read: এইকেইটা কাম কৰক, আপোনাৰ কেতিয়াও ধনৰ অভাৱ নহয়

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin