Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
আকৌ ইৰাণক ট্ৰাম্পৰ কঠোৰ সকীয়নি...

আকৌ ইৰাণক ট্ৰাম্পৰ কঠোৰ সকীয়নি...

ডিজিটেল ডেস্কঃ ওমান উপকূলত বাণিজ্যিক জাহাজসমূহৰ ওপৰত সংঘটিত আক্ৰমণক কেন্দ্ৰ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্তেজনা অব্যাহত আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে শুকুৰবাৰে ইৰাণক তীব্ৰ সমালোচনা কৰি হৰমুজ প্ৰণালী অতিক্ৰম কৰি যোৱা ভাৰতীয় জাহাজসমূহত ড্ৰ'ন আক্ৰমণৰ চেষ্টাক 'সম্পূৰ্ণৰূপে অগ্ৰহণযোগ্য' বুলি অভিহিত কৰিছে।

সামাজিক মাধ্যমক জৰিয়তে ট্ৰাম্পে সদৰী কৰে, 'যোৱা নিশা হৰমুজ প্ৰণালীত ভাৰতীয় জাহাজসমূহৰ ওপৰত চলোৱা ড্ৰ'ন আক্ৰমণ সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়। ইৰাণে অতি সোনকালে নিজৰ আচৰণ শুধৰাই ল'ব লাগিব।'

ইফালে, ওমান উপকূলত বাণিজ্যিক জাহাজসমূহৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক লৈ ভাৰতে আমেৰিকাৰ চাৰ্জ দ্য'এফেয়াৰ্ছ জেছন মিকছক তলব কৰা হৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ (MEA) অতিৰিক্ত সচিব (আমেৰিকা বিভাগ)-এ আমেৰিকান কূটনীতিকগৰাকীক মাতি ঘটনাটোৰ প্ৰতি ভাৰতৰ তীব্ৰ আপত্তি জনায়।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin