Dailyhunt
আম্বানীৰ বনতাৰাৰ প্ৰশংসাত পঞ্চমুখ তাৰকাসকল...

আম্বানীৰ বনতাৰাৰ প্ৰশংসাত পঞ্চমুখ তাৰকাসকল...

ডিজিটেল ডেস্কঃ বনতাৰা বন্যপ্ৰাণী কেন্দ্ৰৰ পদক্ষেপক লৈ ব্যাপক প্ৰশংসা লাভ কৰিছে ৰিলায়েন্স ফাউণ্ডেশ্যনে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বনতাৰা উদ্বোধন কৰা পাছতে কেন্দ্ৰটোৰ শলাগ লৈছে বলীউড আৰু কৰ্পৰেট জগতৰ বিশিষ্ট ব্যক্তিসকলেও।

বনতাৰা উদ্যোগ ভাৰতৰ প্ৰথম এনেধৰণৰ এক প্ৰকল্প, যিটো অনন্ত আম্বানীৰ দৃষ্টিভংগী আৰু নেতৃত্বত সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰীয়ে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ এই পদক্ষেপক সমৰ্থন জনোৱা পাছতে সামাজিক মাধ্যমত বনতাৰাৰ সমৰ্থনত একাধিক তাৰকাই পোষ্ট কৰা পৰিলক্ষিত হৈছে।

বলীউডৰ অভিনেতা শ্বাহৰুখ খানে সামাজিক মাধ্যমত বনতাৰা সন্দৰ্ভত কয় যে,"জীৱ-জন্তুবোৰ মৰমৰ যোগ্য, সিহঁতক সুৰক্ষা আৰু যত্নৰ প্ৰয়োজন।

প্ৰধানমন্ত্ৰী মোডীৰ বনতাৰাৰ উপস্থিতিয়ে ইয়াৰ গুৰুত্ব আৰু অধিক শক্তিশালী কৰিছে।

লগতে অভিনেতা ৰণবীৰ সিঙে ইনষ্টাগ্ৰামত অনন্ত আম্বানীৰ নিষ্ঠাক প্ৰশংসা কৰে আৰু বনতাৰাক পশু কল্যাণৰ বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে প্ৰশংসা কৰে। তেওঁ এই পদক্ষেপৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি অনন্তৰ দয়ালু স্বভাৱৰ প্ৰশংসা কৰে।

এই ক্ষেত্ৰত পিছ পৰি নৰ'ল ক্ৰিকেটাৰ বিৰাট কোহলি। কোহলীয়ে টুইট কৰি কয় যে, অনন্ত আম্বানী আৰু তেওঁৰ বনতাৰাৰ সমগ্ৰ দলটোৱে বন্যপ্ৰাণী কল্যাণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পৰিৱৰ্তন আনিছে। উদ্ধাৰ, পুনৰ্বাসন আৰু সংৰক্ষণৰ প্ৰতি তেওঁলোকৰ সমৰ্পণে অধিক বহনক্ষম আৰু দয়ালু পৰিৱেশ তন্ত্ৰ গঢ় দিছে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin