Dailyhunt
আমেৰিকাত ১৩০০ কোটি টকীয়া জালিয়াতিত জৰিত অসমৰ চিকিৎসকক গ্ৰেপ্তাৰ

আমেৰিকাত ১৩০০ কোটি টকীয়া জালিয়াতিত জৰিত অসমৰ চিকিৎসকক গ্ৰেপ্তাৰ

ইবাৰ অসমত নহয় আমেৰিকাত মহা লুন্ঠন। এই লুন্ঠনৰ খলনায়ক এজন অসমীয়া চিকিৎসক। ১ কেটি ২ কোটি নহয়, ১৩০০ কোটি টকা সৰকালে তেওঁ। কি কেলেংকাৰী কৰিলে আমেৰিকাত এইজন অসমীয়াই? অসমীয়া প্ৰতিদিন ডিজিটেল বিশেষ প্ৰতিবেদন...

অসমত তেওঁৰ পৰিয়ালৰ আছে বিশেষ পৰিচিতি। তেওঁৰ পিতৃ প্ৰয়াত ফণি শৰ্মা অসমৰ ৰাজনীতিৰ এগৰাকী উল্লেখযোগ্য ব্যক্তি আছিল। কংগ্ৰেছ নেতা ফণি শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ তেওঁ। নাম ডা০ তণ্ময় শৰ্মা। মহানগৰীৰ বামুণী মৈদানত থকা অনুৰাধা কমপ্লেক্সকে ধৰি এই পৰিয়ালটোৰ আছে প্ৰচুৰ সম্পত্তি।

ডা০ তণ্ময় শৰ্মা বাস কৰে আমেৰিকাৰ তুষ্টিনত। দীৰ্ঘদিন ধৰি আমেৰিকাত বাস কৰা তেওঁ এজন প্ৰৱাসী অসমীয়া। ডা০ শৰ্মাই এটা কোম্পানীত কাম কৰিছিল।

কোম্পানীটোৰ নাম আছিল ছে'ভাৰেইন হেল্থ গ্ৰুপ। এই গ্ৰুপটো আছিল ছান ক্লেমেন্টৰ।

ছে'ভাৰেইন হেল্থ গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া আছিল এইগৰাকী অসমীয়া চিকিৎসক। এই গ্ৰুপটোৱে আমেৰিকাৰ নিচাগ্ৰস্ত লোকসকলক চিকিসা প্ৰদান কৰে বিনামূল্যে। কেলিফ'ৰ্নিয়াকে ধৰি কেইবাখনো আমেৰিকা প্ৰদেশত তেওঁলোকে এই সেৱা আগবঢ়াইছিল।

দেখাত বিনামুলীয়া হ'লেও এই চিকিৎসা প্ৰদানৰ আঁৰত আছিল তেওঁলোকৰ বিশেষ মাৰ্কেটিং ষ্টেটেৰ্জি। চিকিৎসা প্ৰদান কৰা লোক সকলৰ বাবদ তেওঁলোকে বীমা কোম্পানীৰ পৰা সংগ্ৰহ কৰে ধন। সেই প্ৰক্ৰিয়াৰে ডা০ শৰ্মাৰ দ্বাৰা পৰিচালিত কোম্পানীটোৱে ভূৱা ঠিকনা,নাম,বয়স আৰু আন যাৱতীয় নথি-পত্ৰ ভেজাল কৰি বীমা কোম্পানীৰ পৰা উলিয়াই নিয়ে ১৪৯ নিযুত মাৰ্কিন ডলাৰ।

ভাৰতীয় টকা হিচাপত সেই ধনৰ পৰিমাণ হ'ব ১৩০০ কোটিৰো অধিক। ২০১৪ ৰ পৰা ২০২০ লৈ এই ভূৱা ক্লেইমিঙৰ জৰিয়তে ছে'ভাৰেইন হেল্থ গ্ৰুপে ব্যাপক পৰিমাণৰ ধন আত্মসাৎ কৰিছিল। অৱশ্যে এতিয়া সেই কোম্পানীটো নাই।

কোম্পানীটোৱে এনে ভূৱা ক্লেইমৰ জৰিয়তে বীমা কোম্পানীৰ পৰা ধন সংগ্ৰহ কৰিবলৈ ২১ নিযুত মাৰ্কিন ডলাৰ উৎকোচ দিছিল। কিন্তু সেই কেলেংকাৰীৰ কথা পোহৰলৈ অহা আমেৰিকাৰ কেইবাটাও বিভাগে তদন্ত কৰিছিল। দেশখনৰ বীমা আৰু শ্ৰম বিভাগে তদন্তত সকলো কথা জানিব পাৰি গ্ৰেপ্তাৰ কৰে অসমৰ এইগৰাকী চিকিৎসকক।

বুধবাৰে ডা০ তণ্ময় শৰ্মাক গ্ৰেপ্তাৰ কৰা হয়। ল'ছ এঞ্জেলেছৰ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা তেওঁক আটক কৰে মাৰ্কিন আৰক্ষীয়ে। বৃহস্পতিবাৰে তেওঁক ল'ছ এঞ্জেলেছৰ ডিষ্ট্ৰিক্ট ক'ৰ্টত হাজিৰ কৰোৱা হয়।আদালতত দোষী প্ৰমাণিত হ'লে তেওঁ ২০ বছৰৰো অধিক কাল কাৰাগাৰত থাকিব লাগিব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin