Dailyhunt
আমিষ খাদ্য ত্যাগ কৰিছে তাৰকাইঃ বলিউডত বাঢ়িছে নিৰামিষভোজীৰ সংখ্যা...

আমিষ খাদ্য ত্যাগ কৰিছে তাৰকাইঃ বলিউডত বাঢ়িছে নিৰামিষভোজীৰ সংখ্যা...

ডিজিটেল ডেস্কঃ বলিউড তাৰকাসকলৰ জীৱন প্ৰণালী, তেওঁলোকৰ জীৱন ধাৰণ প্ৰক্ৰিয়া, সাজপাৰ, খাদ্য আদি সকলো বিষয়ৰ প্ৰতি গৰিষ্ঠ সংখ্যক সাধাৰণ নাগৰিকৰে উৎসুকতা থাকে। সেয়ে বলিউডৰ তাৰকাক লৈ নিতৌ ন ন খবৰ প্ৰকাশ হয়।

সাধাৰণ নাগৰিকতকৈ বহু ব্যতিক্ৰম এইসকল তাৰকাৰ জীৱন প্ৰণালী। আনকি তেওঁলোকৰ খাদ্যৰ ৰুটিনেও বহু সময়ত সাধাৰণ নাগৰিকৰ চকু কপালত তোলে। কোনোবাই যদি পৰম্পৰাগত ভাৰতীয় খাদ্য ত্যাগ কৰি আন কোনো খাদ্য আকোৱালি লৈছে আন কোনোবাই আকৌ পান কৰে লাখটকীয়া পানী। কোন সময়ত, কি খাদ্য, কিমান পৰিমাণে খাব তাৰ বাবেও তেওঁলোকৰ থাকে ৰুটিন।

সেয়া যিয়েই নহওঁক শেহতীয়াকৈ বলিউডৰ বহু তাৰকাৰ আমিষ খাদ্য ত্যাগ কৰাৰ তথ্য প্ৰকাশ পাইছে। আমিষ খাদ্য গ্ৰহণ কৰা বহু তাৰকাই সুস্বাস্থ্য অটুট ৰখাৰ বাবেই আমিষ খাদ্য পৰিহাৰ কৰি নিৰামিষ খাদ্য গ্ৰহণ কৰাত মনোনিবেশ কৰিছে।

তেনে কেইগৰাকীমান নিৰামিষ খাদ্য গ্ৰহণ কৰা বলিউড তাৰকা হৈছে বিগবি অমিতাভ বচ্চন, ছাহিদ কাপুৰ, অনুষ্কা শৰ্মা, আলিয়া ভাট, আমিৰ খান, সোণম কাপুৰ, জেকলিং ফাৰ্ণাণ্ডেজ, প্ৰিয়ংকা চোপ্ৰা আদি।

ইয়াৰে বলিউডৰ পৰা হলিউডত থিতাপি লোৱা প্ৰিয়ংকা চোপ্ৰাই শেহতীয়াকৈ প্ৰকাশ কৰা মতে তেওঁ পূৰ্বে আমিষ খাদ্য গ্ৰহণ কৰিছিল যদিও এতিয়া সেয়া ত্যাগ কৰিছে। তেওঁ এতিয়া কেৱল নিৰামিষ খাদ্য বিশেষকৈ খাদ্যৰ তালিকাত সেউজীয়া শাক-পাচলি গ্ৰহণ কৰাতহে অধিক গুৰুত্ব দিছে।

তেওঁ কয়, মই ৰাতিপুৱা আৰু দুপৰীয়া গৰম ছুপ খাওঁ, যি বৰ সুস্বাদু আৰু স্বাস্থ্যকৰ। মই ডাইল, আলু-ফুলকবিৰ তৰকাৰী, ৰায়তা আৰু আচাৰ বৰ ভাল পাওঁ। মোৰ খাদ্য তালিকাত ছালাদ থাকিবই লাগিব।

কিয় তাৰকাসকলে ত্যাগ কৰিছে আমিষ খাদ্য

১. প্ৰাণিজ প্ৰটিনত Saturated fat অধিক পৰিমাণে থাকে। যাৰ ফলত ক’লেষ্টেৰল বৃদ্ধি হয় আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। উদ্ভিদৰ পৰা লাভ কৰা প্ৰটিনত এই সংকটৰ সম্ভৱনা বহু কম। শেহতীয়াকৈ বৃদ্ধি হোৱা হৃদৰোগজনিত সমস্যাত বলিউডৰ কেইবাজনো তাৰকাই প্ৰাণ হেৰুৱাইছে।

২. নিৰামিষ খাদ্যৰে শৰীৰ ওজন হ্ৰাস কৰা সহজ। গৱেষণাত এই তথ্য প্ৰকাশ পাইছে। সেয়ে নিজৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাৰ বাবে নিৰামিষ খাদ্যক অধিক প্ৰাধান্য দিছে এইসকল তাৰকাই।

৩. বিশ্ব কৰ্কট গৱেষণা সংস্থাৰ মতে নিৰামিষ খাদ্য গ্ৰহণ কৰিলে কৰ্কট ৰোগৰ আশংকা কম থাকে।

৪. অধিক মাছ-মাংস খালে পাকস্থলীজনিত সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin