Dailyhunt
আপোনাৰ সন্তানক দাইলৰ পানী খুৱাইনে ?

আপোনাৰ সন্তানক দাইলৰ পানী খুৱাইনে ?

ডিজিটেল ডেস্ক:ডাঙৰৰ লগতেসৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ বাবেও মগু দাইল অতি উপকাৰী। বেছিভাগ শিশুৱে মগু দাইল খাবলৈও খুব ভাল পায়। মগু দাইল হজম কৰিবলৈ অতি সহজ। ইয়াৰ লগতে এই দাইলত যথেষ্ট পৰিমাণে কাৰ্বোহাইড্ৰেট, কেলচিয়াম, আঁহ, ফলিক আৰু প্ৰ'টিন থাকে। সেয়ে ইয়াক শিশুৰ বাবে, বিশেষকৈ এক বছৰৰ তলৰ শিশুৰ বাবে অতি উত্তম খাদ্য বুলি গণ্য কৰা হয়। আপুনি পিছে শিশুটোক কি ধৰণৰে মগু দাইল খাবলৈ দিয়ে ?

মগু দাইল শিশুসকলক বিভিন্ন ধৰণে দিব পাৰি। মগু দাইলৰ খিচিৰি, চুপ, দাইল পানী তথা এই দাইলৰ পাতলকৈ পিঠা বনাই আপুনি শিশুসকলক দিব পাৰে। আপুনি শিশুটোৰ পছন্দ অনুসৰি বিভিন্ন ধৰণৰে মগু দাইল বনাই দিব পাৰে। মগু দাইলত থকা পুষ্টি-

পুষ্টি পৰিমাণ

শক্তি ১৩০ কেলৰি
কাৰ্বহাইড্ৰেট ২২.৪ গ্ৰাম
প্ৰ'টিন ৯.১ গ্ৰাম
আঁহ ৩.১ গ্ৰাম
চৰ্বি ০.৫ গ্ৰাম
ভিটামিন এ ১৮.৩ মিলিগ্ৰাম
ভিটামিন বি ৯ ৫২.৩ মিলিগ্ৰাম
নিয়াচিন ০.৯ মিলিগ্ৰাম
ৰাইবোফ্লেভিন ০.১ মিলিগ্ৰাম
থাইয়ামিন ০.২ মিলিগ্ৰাম
জিংক ১ মিলিগ্ৰাম
ছ'ডিয়াম ১০.২ মিলিগ্ৰাম
ফছফৰাছ ১.৭ মিলিগ্ৰাম
পটাছিয়াম ৪২৯ মিলিগ্ৰাম
মেগনেছিয়াম ৪১.৪ মিলিগ্ৰাম
আইৰণ ১.৫ মিলিগ্ৰাম
কেলচিয়াম ২৮ মিলিগ্ৰাম

শিশুৰ বাবে কিদৰে তৈয়াৰ কৰিব এই দাইল

সকলো বয়সৰ শিশুৰ বাবে উপযোগী মগু দাইল আপুনি তলত উল্লেখ কৰা ধৰণে বনাই খুৱাব পাৰে।

১. প্ৰথমে মগু দাইলখিনি ভালদৰে ধুই ল’ব।

২. ইয়াৰ পিছত দাইলখিনি প্ৰেছাৰ কুকাৰ এটাত লৈ তাত দুই গিলাচ পানী দিব।

৩. তাৰ পিছত অকনমান হালধি, সোৱাদ অনুসৰি নিমখ আৰু অলপ ঘিউ দি ৫ বাৰ হুইচেল মাৰিবলৈ দিব।

৪. ইয়াৰ পিছত দাইলখিনি অলপ ঠাণ্ডা হ'বলৈ দিব।

৫. যেতিয়া দাইল কুহুমীয়া হয়, ইয়াক এখন ছেকনিৰে ছেকি পানীখিনি পৃথক কৰিব।

৬. আপোনাৰ শিশুৰ বাবে স্বাস্থ্যকৰ দাইল পানী প্ৰস্তুত।

৭. এতিয়া শিশুটোক চুপৰ দৰে চামুচৰে এই পানীয় খুৱাব পাৰিব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin