Dailyhunt
আপোনাৰো ৰাতি টোপনি নাহে নেকি! কৰক এইকেইটা কাম...

আপোনাৰো ৰাতি টোপনি নাহে নেকি! কৰক এইকেইটা কাম...

ডিজিটেল ডেস্কঃ আজিকালি এটা সমস্যাৰ অতিপাত বৃদ্ধি পাইছে। সেয়া হৈছে ৰাতি বিচনাত পৰি টোপনি নহা। ৰাতি ভাল টোপনি নাহিলে আপোনাৰ জীৱন শৈলীৰ লগতে আপোনাৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পৰে। কিন্তু ভাল টোপনিৰ বাবে আপুনি কি কৰিব?

ভাল টোপনি অহাৰ বাবে আপুনি কৰিব লগা প্ৰথম কামটোৱেই হৈছে পুৱা সোনকালে উঠিবলৈ চেষ্টা কৰক। এনে কৰিলে ৰাতিও সোনকালে টোপনি আহিব । শুবলৈ যোৱাৰ আগত গৰম গাখীৰ বা ৰঙা চাহ খালেও টোপনি গভীৰ হয় বুলি কোৱা হয়।

শোৱাৰ আগতে নাকত ২ টোপাল গৰুৰ ঘিউ বা মিঠাতেল দিব শুব পাৰে নতুবা শুবলৈ যোৱাৰ আগতে গা ধুব পাৰে । ইয়াৰ দ্বাৰা আপোনাৰ গোটেই দিনটোৰ ভাগৰ দূৰ হোৱাত সহায়ক হয়। আজিকালি টোপনি নহাৰ অন্যতম এটা মূল কাৰন হৈছে বিচনাত পৰি মোবাইল ব্যৱহাৰ কৰা।

এই স্বভাৱ যদি আছে তেন্তে আজিয়েই ত্যাগ কৰক। পৰাপক্ষত বিচনাত শুৱাৰ সময়ত টিভি চোৱাটোও বন্ধ কৰক।

শুবলৈ যোৱাৰ আগতে আপুনি ভৰি মালিচ কৰিও টোপনিত সুফল পাব পাৰে। এনে কৰিলে আপোনাৰ মন আৰু শৰীৰে শিথিলতা লাভ কৰিব । উল্লেখ কৰা প্ৰয়োজন যে, অটো-ইম্যুন ডিছঅৰ্ডাৰ, হৰম’নৰ ভাৰসাম্যহীনতা, ছালৰ সমস্যা, কেন্সাৰ, লুপাছ আৰু থাইৰয়ডত আক্ৰান্ত ৯৯ শতাংশ ৰোগীয়ে টোপনিৰ মান উন্নত কৰি সুস্বাস্থ্যৰ গৰাকী হব পাৰে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin