Dailyhunt

আপুনিও যদি ওজন হ্ৰাস কৰিবলৈ বিচাৰে এইকেইটা কাম কৰিব

ডিজিটেল ডেস্ক: লক্ষ্য স্থিৰ কৰি সাধনা কৰিলে সকলো কামেই সম্ভৱ।ইয়াকেই যেন প্ৰমাণ কৰিলে বলীউডৰ পৰিচালক বনী কাপুৰে।হয়, ৬৮ বছৰ বয়সত শৰীৰৰ ১৭ কেজি ওজন কমাই চৰ্চালৈ আহিছে বনী কাপুৰ।পৰিচালকজনৰ এই প্ৰচেষ্টাক এতিয়া সকলোয়ে একেমুখে শলাগ লৈছে।

প্ৰকৃততে, বৰ্ধিত বয়স আৰু ওজনৰ পৰিপ্ৰেক্ষিতত পুষ্টিবিদে পৰিচালকজনক প্ৰাকৃতিক ভাৱে ওজন হ্ৰাস কৰিবলৈ পৰামৰ্শ দিছিল। অন্যথা তেওঁ গুৰুতৰ ৰোগত আক্ৰান্ত হ'ব বুলিও সকিয়াই দিছিল। ইয়াৰ পাছতেই তেওঁ এই বয়সতো কঠোৰ পৰিশ্ৰম কৰি শৰীৰৰ ওজন ১৭ কেজি হ্ৰাস কৰিলে।এতিয়া তেওঁৰ শৰীৰৰ ওজন ৯৮কেজি। আপুনিও যদি বৃদ্ধ বয়সত ওজন হ্ৰাস কৰিব বিচাৰে, তেন্তে বনী কাপুৰৰ লেখিয়াকৈ কেতবোৰ বিশেষ কাম কৰিব লাগিব।আজি সেই বিষয়ে জানো আহক-

যোগ কৰক

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, বৰ্ধিত বয়সত ওজন হ্ৰাস কৰাটো অলপ কঠিন হয়। কিয়নো ৫০ বছৰৰ পিছত বিপাক ক্ৰিয়া হ্ৰাস হয়। এই বয়সৰ লোকসকলে বেছি দৌৰিব নোৱাৰে বা গধুৰ ব্যায়াম কৰিব নোৱাৰে।সেয়েহে, তেওঁলোকে ওজন হ্ৰাস কৰিবলৈ যোগ কৰিব পাৰে। প্ৰতিদিনে ৩০ ৰ পৰা ৪০ মিনিট যোগ কৰি আপুনি শৰীৰৰ ওজন বহুখিনি হ্ৰাস কৰিব পাৰে।

আহাৰৰ প্ৰতি মনোযোগ দিব

এই বয়সত আহাৰৰ প্ৰতি মনোযোগ দিয়াটোও অতি গুৰুত্বপূৰ্ণ। খাদ্য সদায় সঠিক সময়ত খাব লাগে।ইয়াৰ বাবে আপুনি দৈ, চীজ, গজালি ওলোৱা মগু আদিৰ দৰে স্বাস্থ্যকৰ খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব।

মাছ খাব

ওজন হ্ৰাস কৰাৰ বাবে স্বাস্থ্যকৰ চৰ্বি খাব লাগে, যি আমাৰ শৰীৰে মাছৰ পৰা লাভ কৰে। ইয়াৰ বাবে আপুনি চালমন মাছ খাব পাৰে। চালমন মাছ হৈছে প্ৰ'টিনৰ এক উৎকৃষ্ট উৎস। ইয়াত যথেষ্ট পৰিমাণে অমেগা-৩ ফেটি এচিড থাকে, যি শৰীৰক শক্তিশালী কৰাৰ লগতে ওজন হ্ৰাসত সহায় কৰে।

শাৰীৰিকভাৱে সক্ৰিয় হওঁক

বৰ্ধিত বয়সৰ বাবে মানুহৰ শাৰীৰিক সক্ৰিয়তা হ্ৰাস হয়।যিটো ওজন বৃদ্ধিৰ অন্যতম কাৰণ। সেয়েহে, বহি থকাৰ পৰিৱৰ্তে ঘৰৰ ভিতৰতে হ'লেও খোজ কাঢ়ি থাকিব।কাৰ্যালয়লৈ যোৱা সকলেও কামৰ মাজে মাজে অলপ খোজ কাঢ়িবলৈ যত্ন কৰিব। এনে কৰিলে অতিৰিক্ত কেলৰি দহন হ'ব।

চেনী পৰিহাৰ কৰিব

ইয়াৰ পৰা তৈয়াৰ কৰা চেনী বা সামগ্ৰী স্বাস্থ্যৰ বাবে বিষতকৈ কম নহয়। ই শৰীৰত অতি দ্ৰুতগতিত চৰ্বি বৃদ্ধি কৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, যদি মানুহে ৫০ বছৰ বয়সৰ পিছত ওজন হ্ৰাস কৰিব বিচাৰে, তেন্তে প্ৰথমে চেনী এৰি দিব লাগে।আনহাতে, কুকিজ, আইচক্ৰীম, মিঠা দৈ আৰু বিস্কুটৰ পৰা আঁতৰি থাকিব।

ওজন হ্ৰাসৰ পৰা হৃদযন্ত্ৰৰ ৰোগলৈ, শৰীৰৰ অধিকাংশ সমস্যাৰে সমাধান দিয়ে মাখনাই
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin