Dailyhunt

অভিভাৱকে কোনবোৰ দিশত গুৰুত্ব দিব লাগে, জানি লওক

ডিজিটেল ডেস্ক: শিশু এটা জন্ম হোৱাৰ পৰাই প্ৰতিজন অভিভাৱকেই শিশুটো ডাঙৰ হৈ যাতে ভাল মানুহ হয় আৰু নিজৰ ভৰিত নিজে থিয় দিব পাৰে, তাকে প্ৰাৰ্থনা কৰে।কিন্তু এই ক্ষেত্ৰত সৰুৰে পৰাই শিশুটিক উচিত শিক্ষাৰে শিক্ষিত কৰাটো অভিভাৱকৰে দায়িত্ব।বিশেষজ্ঞসকলৰ মতে, শিশুৱে শৈশৱত গ্ৰহণ কৰা শিক্ষাই তেওঁলোকৰ পৰৱৰ্তী জীৱনত আটাইতকৈ বেছি প্ৰভাৱ পেলায়।সেয়েহে ভৱিষ্যতে যাতে আপোনাৰ সন্তানটো কাৰো ওপৰত নিৰ্ভৰশীল হ'বলগীয়া নহয়,তাৰ শিক্ষা সৰুতেই আপুনি তেওঁলোকক দিব লাগিব।আজি এই বিষয়ে জানো আহক-

ৰান্ধিবলৈ শিকাওঁক

আপুনি আপোনাৰ সন্তানক সৰুৰে পৰা ৰন্ধন প্ৰক্ৰিয়াৰ বিষয়ে শিকাব।আপুনি ৰন্ধাৰ সময়ত সন্তানকো ওচৰতে লৈ কি খাদ্য সামগ্ৰী কেনেকৈ ৰান্ধিব লাগে, সেয়া বুজাই দিব।তেওঁলোকক নতুন ব্যঞ্জন বনাবলৈ দিব, এনে কৰিলে তেওঁলোকৰ ৰন্ধনৰ প্ৰতি আগ্ৰহ বাঢ়িব। ইয়াৰ বাহিৰেও তেওঁলোকক মচলা, পাচলি তথা ফল-মূলৰ গুণাগুণৰ বিষয়ে জনাই দিব, যাতে এইসমূহৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানি স্বাস্থ্যকৰ খাদ্যৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ বৃদ্ধি হয়।

সময়ৰ উচিত ব্যৱহাৰ

শিশুসকলক বুজাই দিব যে জীৱনত সময়তকৈ আন একো গুৰুত্বপূৰ্ণ নহয়। তেওঁলোকক সঠিকভাৱে সময় ব্যৱহাৰ কৰিবলৈ শিকাব।সকলো কাম সময়ত কৰিবলৈ দিব।তদুপৰি, যদি তেওঁলোকৰ কম সময় থাকে, তেন্তে তেওঁলোকক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শিকাওঁক। শিশুটোক নতুন কাৰ্যকলাপ কৰিবলৈ দি সেয়া সময়মতে সম্পূৰ্ণ কৰিলে তেওঁলোকক পুৰস্কৃত কৰক।এনে কৰিলে তেওঁলোকে সেয়া কৰিবলৈ উত্‍সাহ পাব।

ধনৰ গুৰুত্ব

শিশুসকলকক ধনৰ গুৰুত্ব শিকোৱাটোও অতি গুৰুত্বপূৰ্ণ। লেনদেন, কেনেদৰে টকা খৰচ কৰিব লাগে, এই সকলোবোৰ কথায়েই শিকাওঁক। ইয়াৰ বাহিৰেও আপুনি তেওঁলোকক 'পিগি বেঙ্ক'ত টকা ৰাহি কৰিবলৈ দিব পাৰে। যদি তেওঁলোকে সৰুৰে পৰাই ধনৰ প্ৰয়োজনীয়তা জানে, তেন্তে ভৱিষ্যতে ইয়াক চিন্তা কৰিহে খৰচ কৰিব।

সুস্বাস্থ্য, পৰিস্কাৰ-পৰিচ্ছন্নতা

সুস্বাস্থ্যৰ বাবে শিশুসকলক ব্ৰাছ কৰা, গা ধোৱা, তেওঁলোকৰ চাৰিওফাল পৰিষ্কাৰ ৰখা আদিৰ অভ্যাস কৰাব লাগে।কিছুমান সচৰাচৰ ৰোগ আৰু ইয়াৰ লক্ষণবোৰৰ বিষয়ে তেওঁলোকক অৱগত কৰাব যাতে প্ৰয়োজন হ'লে তেওঁলোকে নিজকে নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ বাহিৰেও তেওঁলোকক মানৱ শৰীৰৰ অংশবোৰৰ বিষয়ে তথ্য দিয়ক। পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাস গঢ়ি উঠিলে আপোনাৰ শিশুটো স্বাস্থ্যৱান হৈ থাকিব।

নিজৰ কাম নিজে কৰা

যদি আপুনি শিশুটোক আত্মনিৰ্ভৰশীল কৰিব বিচাৰে, তেওঁলোকক নিজৰ কাম নিজে কৰিবলৈ দিব। কাপোৰ ঠিক কৰা, কোঠাটো পৰিস্কাৰ কৰা, কিতাপ ঠিক কৰা, সামগ্ৰীৰ যত্ন লোৱা আদিবোৰ তেওঁলোকক নিজে কৰিবলৈ শিকাব। এই সকলোবোৰ অভ্যাসৰ পৰা তেওঁলোকে বুজি পাব যে নিজৰ কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে।এনেদৰে শৈশৱৰ পৰাই নিজকে চম্ভালি আপোনাৰ শিশুটোয়ে ভৱিষ্যতে সহজে যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সক্ষম হ'ব।

আনৰ সংগ, কথা পাতি বেয়া পোৱা শিশুৰ আচৰণ কিদৰে উন্নত কৰিব জানেনে ?
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin