Dailyhunt
অন্তৰ খুলি হাঁহক আৰু দূৰ কৰক চকুৰ সমস্যা...

অন্তৰ খুলি হাঁহক আৰু দূৰ কৰক চকুৰ সমস্যা...

ডিজিটেল ডেস্ক: দৃষ্টিশক্তি উন্নত কৰিবলৈ বিচাৰে যদি যিমান পাৰে সিমান হাঁহিবলৈ আৰম্ভ কৰক। এয়া পিছে আমি কোৱা কথা নহয়। শেহতীয়া এক অধ্যয়নত প্ৰমাণ হৈছে এই কথা। হয়, গৱেষণাটোত প্ৰমাণ হৈছে যে হাঁহিলে চকুৰ শুষ্কতা হ্ৰাস হয়। এই অধ্যয়নটোৱে প্ৰমাণ কৰে যে হাঁহিয়ে কেৱল মনকে সুখ প্ৰদান নকৰে, ই চকুৰো এক কাৰ্যকৰী আৰু প্ৰাকৃতিক চিকিৎসা।

ইউ কে ৰ ব্ৰিটিছ গৱেষকসকলে প্ৰায় ৩৬ নিযুত লোকক লৈ এই অধ্যয়ন সম্পূৰ্ণ কৰিছিল।য'ত পোহৰলৈ আহিছিল যে প্ৰতি ৭ জনৰ ভিতৰত এজনৰ চকুৰ সমস্যা, বিশেষকৈ শুকান চকু, খজুৱতি, ৰঙা পৰা আদি সমস্যা আছে।

এই অধ্যয়নত গৱেষকসকলে দুটা গোট গঠন কৰিছিল। এটা গোটক হাঁহিৰ ব্যায়াম দিয়া হৈছিল, আনহাতে আনটো গোটক চকুৰ ড্ৰপৰ জৰিয়তে চিকিৎসা কৰা হৈছিল।

প্ৰথম গোটটোক দিনত চাৰিবাৰ হাঁহিবলৈ দিয়া হৈছিল। আনহাতে দ্বিতীয় গোটে একে সময়তে চকুৰ ড্ৰপ ব্যৱহাৰ কৰিব লগা হৈছিল।

অধ্যয়নটোৰ শেষত পোহৰলৈ আহিল যে হাঁহিৰ চিকিৎসাই চকুৰ ড্ৰপতকৈ যথেষ্ট ভাল ফলাফল দিছে। ইয়াৰ অৰ্থ হৈছে যে এতিয়া চকুৰ শুষ্কতা আঁতৰাবলৈ ব্যয়বহুল চকুৰ ড্ৰপৰ প্ৰয়োজন নাই, ভালকৈ হাঁহিলেই হয়।

আঠ সপ্তাহধৰি একেৰাহে এনেদৰে অনুশীলন কৰাৰ পাছত অৱশেষত হাঁহি চিকিৎসা অধিক কাৰ্যকৰী বুলি গণ্য কৰা হৈছিল। যিয়ে প্ৰমাণ কৰে যে হাঁহিলে কেৱল মন সুখী নহয়, কিন্তু ই চকুৰ স্বাস্থ্যৰ বাবেও উপকাৰী।

'ড্ৰাই আই ছিণ্ড্ৰম'ত ভুগি থকা লোকসকলৰ বাবে এই গৱেষণাই ব্যয়বহুল চিকিৎসাৰ এক সৰল আৰু সস্তা বিকল্প প্ৰদান কৰে। গতিকে, পৰৱৰ্তীবাৰ যেতিয়া আপুনি আপোনাৰ চকু ফুলা বা খজুৱতি অনুভৱ কৰে, দামী চকুৰ ড্ৰপৰ সলনি এখন ভাল কমেডি চিনেমা উপভোগ কৰিব আৰু মুক্তভাৱে হাঁহিব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin