Dailyhunt
অনুৰাগীক ভাল খবৰ দিলে বলীউডৰ এই 'হিট যুটি'য়ে

অনুৰাগীক ভাল খবৰ দিলে বলীউডৰ এই 'হিট যুটি'য়ে

ডিজিটেল ডেস্ক: দুই তাৰকা বিজয় বৰ্মা আৰু তামান্না ভাটিয়াৰ প্ৰেমে 'বি টাউন'ৰ বতাহ গৰম কৰি ৰাখিছে। তেওঁলোকৰ ব্যতিক্ৰমী প্ৰেমকাহিনী বিগত কিছু সময়ৰ পৰা সৰ্বত্ৰে আলোচনাৰ বিষয় হৈ আছে। শেহতীয়া খবৰ অনুসৰি, বলীউডৰ এই 'হিট যুটি'টো অতি সোনকালেই বিবাহপাশত আৱদ্ধ হ'ব। দুয়োয়ে এই সম্পৰ্ক ৰাজহুৱা কৰাৰ পাছত এতিয়া তেওঁলোক বিবাহৰ বাবে সাজু হৈছে।

হয়, তামান্না ভাটিয়া আৰু বিজয় বৰ্মাৰ বিবাহৰ তাৰিখ এতিয়া প্ৰায় চূড়ান্ত হৈছে। দম্পতীহালে ২০২৫ৰ আৰম্ভণিতে বিবাহ পাশত আৱদ্ধ হ'ব পাৰে। তেওঁলোকে মুম্বাইত এটা বিলাসী এপাৰ্টমেণ্ট ক্ৰয় কৰিবলৈ সাজু হৈছে।এই এপাৰ্টমেণ্টতে বিয়াৰ পাছত তেওঁলোকে বাস কৰিব।

উল্লেখ্য যে, বিজয় আৰু তামান্নাই ২০২৩ত অ'টিটিত মুক্তি লাভ কৰা 'লাষ্ট ষ্টোৰীজ ২' একেলগে অভিনয় কৰিছিল।

তেতিয়াৰে পৰা তেওঁলোক ইজনে-সিজনৰ প্ৰেমত পৰে। তামান্না আৰু বিজয়ৰ যুটিটোৱে অনুৰাগীসকলৰ পৰা ব্যাপক সমৰ্থন লাভ কৰিছে আৰু এতিয়া সকলোয়ে তেওঁলোকৰ বিবাহৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।এই ভাল খবৰৰ পিছত তেওঁলোকৰ বিবাহৰ স্থান আৰু তাৰিখো সোনকালেই প্ৰকাশ কৰিব বুলি আনুৰাগীসকলে আশাৰে বাট চাইছে।

Also Read: পিতৃৰ পদাংককে অনুসৰণ কৰিলে আৰ্য়নে

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin