হাঁহিৰে জীৱন গণনা কৰক, চকুপানীৰে নহয়।বয়স বন্ধুবৰ্গৰ দ্বাৰা গণনা কৰক, বছৰৰ দ্বাৰা নহয়। শুভ জন্মদিন !
Assamese Birthday wishesশুভ জন্মদিন ! তুমি কুশলে থাকা।তোমাৰ সকলো সপোন দিঠকত পৰিণত হওঁক। আজি তোমাৰ জন্মদিনৰ দিনাই ইশ্বৰৰ ওচৰত তাৰেই প্ৰাৰ্থনা কৰিছো।
Assamese Birthday wishesআপুনি যি বিচাৰে ভগৱানে আপোনাক সেই সকলোবোৰ দিয়ক। জন্মদিনৰ বহুত বহুত শুভকামনা।
Assamese Birthday wishesআন এটা দুঃসাহসিক অভিযানপূৰ্ণ বছৰে আপোনাৰ বাবে অপেক্ষা কৰি আছে। আপোনাৰ জন্মদিন আড়ম্বৰ আৰু সৌন্দৰ্যৰে উদযাপন কৰি ইয়াক স্বাগতম জনাওঁক।শুভ জন্মদিন।
Assamese Birthday wishesআপুনি অতীতত সকলোৰে মাজত বিয়পাই দিয়া সুখ-আনন্দবোৰ আজিৰ দিনটোত আপোনাৰ ওচৰলৈ ঘূৰি আহক।
আপোনাক জন্মদিনৰ শুভেচ্ছা জনাইছো।
Assamese Birthday wishesএই জন্মদিনত মই আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো। ভগৱানে আপোনাৰ মংগল কৰক।
Assamese Birthday wishesমোৰ জীৱনত গুৰুতৰ প্ৰভাৱ পেলোৱা মানুহজনৰ আদি ওপজা দিন।ভগৱানে আপোনাক সকলো পৰিস্থিতিৰ সন্মুখীন হব পৰাকৈ শক্তি দিয়ক। জন্মদিনৰ শুভেচ্ছা !
Assamese Birthday wishesআপুনি নিজেই পৃথিৱীৰ বাবে এক উপহাৰ।আপোনাকনো আজি কি উপহাৰ দিম ! শুভ জন্মদিন।
বছৰবোৰ গণনা নকৰিব, আপুনি জীয়াই থকা জীৱনটো গণনা কৰক। অনাগত দিনবোৰ যাতে আপুনি বিচৰা ধৰণৰে পাৰ হয়। শুভ জন্মদিন।
অতীত পাহৰি যাওক আৰু ভৱিষ্যতৰ বাবে অপেক্ষা কৰক। জীৱনৰ সৰ্বশ্ৰেষ্ঠ সময় এতিয়াও আহিবলৈ বাকী। জন্মদিনৰ হিয়াভৰা শুভেচ্ছা
জন্মদিন হৈছে এক নতুন আৰম্ভণি।এয়া নতুন লক্ষ্যৰ সৈতে নতুন পথৰে আগবাঢ়ি যোৱাৰ সময়।আত্মবিশ্বাস আৰু সাহসেৰে আগবাঢ়ি যাওক।আপুনি এজন অতি বিশেষ ব্যক্তি।আজিৰ এই বিশেষ দিনটোত আপোনাক শুভেচ্ছা জনালো।
আজি আন ৩৬৫ দিনৰ যাত্ৰাৰ প্ৰথম দিন।এই যাত্ৰাটো উপভোগ কৰক।শুভ জন্মদিন।
সুখী হওক ! আপুনি আন বহুজনৰ আদৰ্শ হওঁক। আপোনাৰ জন্মদিন স্মৰণীয় হওঁক।
ধুনীয়া ছোৱালীজনীলৈ জন্মদিনৰ বহুত শুভকামনা।তোমাৰ দৰেই ধুনীয়া হওঁক তোমাৰ জীৱন।সদায় আগৱাই যোৱা।তাৰেই কামনা।
তুমি মোৰ বাবে অতি বিশেষ।তোমাৰ এই দিনটো বিশেষ কৰি তুলিবলৈ মই এবছৰ অপেক্ষা কৰো।তোমাৰ দৰেই বিশেষ হওঁক তোমাৰ জীৱন।সদায়েই মোৰ বাবে বিশেষ হৈ থাকিবা।জন্মদিনত বহুত বহুত মৰম আৰু শুভকামনা।
আপোনাৰ জন্মদিনত মই আপোনাক পৃথিৱীৰ আটাইতকৈ আকৰ্ষণীয় উপহাৰ দিয়াৰ কথা ভাবিছিলো। কিন্তু তেতিয়া মই অনুভৱ কৰিলোঁ যে সেয়া সম্ভৱ নহয়, কিয়নো আপুনি নিজেই পৃথিৱীৰ আটাইতকৈ আকৰ্ষণীয় উপহাৰ।
আজি আপোনাৰ দিন। এই বিশেষ দিনটোত মই আপোনাৰ সফল জীৱনৰ কামনা কৰিলো।শুভ জন্মদিন !
জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জনালো। এই বছৰটোয়ে যাতে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনে সুখ-সমদ্ধিৰ বতৰা।
আজি এই বিশেষ দিনটোত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো যাতে ভগৱানে আপোনাক কুশলে ৰাখক।জীৱনত শুদ্ধ পথৰে আগবাঢ়ি যাওঁক।তাৰেই কামনা কৰিলো।
ওপজা দিনৰ হিয়াভৰা ওলগ জনালো।জীৱনৰ এই নতুন বছৰটোয়ে যাতে আপোনাৰ জীৱনলৈ পোহৰ কঢ়িয়াই আনে, তাৰেই কামনা কৰিলো।
আজিৰ এই বিশেষ দিনটোৰ শুভকামনা জনালো।সকলো ভাল হওঁক। আপুনিও সদায় ভালে থাকক।
Also Read: Heart Touching Best Birthday Wishes For Love: প্ৰিয়জনক এইদৰে জনাওক জন্মদিনৰ শুভেচ্ছা

