ডিজিটেল ডেস্ক: কেদাৰনাথৰ পিছত শেহতীয়াকৈ মুকলি কৰা হৈছে বদ্ৰীনাথ ধামৰ দুৱাৰ। দুৱাৰ মুকলিৰ দিনা ১৫ কুইন্টাল ফুলৰে বদ্ৰীনাথ ধামক বিশেষভাৱে সজাই তোলা হয়। সেইদিনটোৰ পৰা প্ৰতিদিনেই এতিয়া অগনন ভক্তই এই মন্দিৰ দৰ্শনৰ বাবে ভিৰ কৰিছে। পিছে আপুনিও বদ্ৰীনাথ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি ? যদি কৰিছে তেতিয়া আপুনি কেতবোৰ কথা জানি ল'ব লাগিব।হয়, ভক্তৰ বাবে সলনি হৈছে বদ্ৰীনাথ ধাম দৰ্শনৰ নিয়ম। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ভ্ৰমণকাৰীসকলৰ যাতে অসুবিধা নহয়, তাৰ বাবে বিশেষভাৱে পদক্ষেপ লৈছে।
এতিয়াৰে পৰা বদ্ৰীনাথ ভ্ৰমণৰ বাবে যোৱা দৰ্শনাৰ্থীৰ প্ৰথমতে পঞ্জীয়নৰ প্ৰয়োজন হব। ইয়াৰ পিছত টোকেন ব্যৱস্থাৰে তেওঁলোকে দৰ্শনৰ সুবিধা লাভ কৰিব।

