ডিজিটেল ডেস্কঃ আজি হনুমান জয়ন্তী। আজিৰ দিনটো হিন্দু দেৱতা হনুমানৰ জন্মদিন বুলি উদযাপন কৰা হয়। এই পবিত্ৰ হনুমান জয়ন্তীৰ শুভ ক্ষণত মুক্তি পালে ৰণবীৰ কাপুৰৰ বহু প্ৰতিক্ষীত ছবি 'ৰামায়ণ'ৰ টিজাৰ। ২ মিনিটতকৈ অধিক দৈৰ্ঘ্যৰ টিজাৰটোৱে ইতিমধ্যে অনুৰাগীসকলৰ মাজত ব্যাপক উছাহৰ সৃষ্টি কৰিছে।
ইপিনে এই টিজাৰৰ ভিজুৱেল আৰু ভিএফএক্সে দৰ্শকক আকৰ্ষিত কৰিছে । এই টিজাৰ সম্পূৰ্ণ ৰামক কেন্দ্ৰ কৰি মুকলি কৰা হৈছে । যদিও টিজাৰৰ শেষত ৰাৱণৰ আভাস দেখা যায়, তথাপিও তেওঁৰ মুখখন দেখুওৱা হোৱা নাই।
উল্লেখ্য যে, প্ৰায় ৪০০০ কোটি টকাৰ বিশাল বাজেটত নিৰ্মিত এই ছবিখনক ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল আৰু অভিলাষী প্ৰকল্প হিচাপে গণ্য কৰা হৈছে।
সামাজিক মাধ্যমত অনুৰাগীসকলে টিজাৰটোক লৈ উচ্চ প্ৰশংসা কৰিছে আৰু ইয়াক 'আধুনিক প্ৰযুক্তিৰে নিৰ্মিত এক দৃশ্যগত বিস্ময়' বুলি অভিহিত কৰিছে।
আনফালে, ছৱিখনৰ পৰিচালক নিতেশ তিৱাৰীয়ে টিজাৰ মুকলিৰ পাছতে মন্তব্য প্ৰকাশ কৰিছে। তেওঁ কৈছে যে- ‘ৰামায়ণ’ৰ মহত্ত্ব ইয়াৰ আৱেগৰ গভীৰতাত নিহিত হৈ আছে । ৰামৰ যাত্ৰা গভীৰভাৱে মানৱীয় আৰু আমি এই কথাটো সততাৰে চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছো ।

