ডিজিটেল ডেস্ক : বিশ্ব ক্ৰিকেটত এতিয়া এটাই নাম- বৈভৱ সূৰ্যবংশী। আই পি এলত বিস্ময় বালক হিচাপে পৰিগণিত হোৱা বৈভৱক ৰোধ কৰিবলৈ কোনো এগৰাকী আন্তৰ্জাতিক পৰ্যায়ৰ বলাৰে বিচাৰি পোৱা নাই সূত্ৰ।
যি বলে বৈভৱৰ আগত পৰে, সেই বলে অতিক্ৰম কৰে বাউণ্ডেৰীৰ সীমা। অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰা বলবোৰে চুৱেগৈ আকাশ। চলিত আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ খেলা বৈভৱৰ এই বিশাল বিশাল ছিক্সাৰৰ বাবে ইউনিভাৰ্ছ ক্ৰিছ গেইলেও মানিছে তবধ।
বৈভৱৰ বেটিং বিক্ৰম দেখি আচৰিত হৈছে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ লগতে বীৰেন্দ্ৰ সেহৱাগহতঁৰ দৰে বিস্ফোৰক বেটাৰসকল। হয় ২০২৫ৰ আই পি এলত অভিষেক ঘটোৱা বৈভৱে এইবাৰো সৰ্বাধিক(বাতৰি লিখা পৰ্যন্ত) ৰান সংগ্ৰহকাৰী বেটছমেন হিচাপে কমলা টুপী মূৰত লৈ আছে।
তেওঁৰ এই কৃতকাৰ্য আৰু অকল্পনীয় প্ৰতিভা দেখি বহুতে তেওঁক অন্য গ্ৰহৰ প্ৰাণী বুলি যোগাত্মক বিশেষণৰে বিভূষিত কৰিছে। তাৰোপৰি বিস্ময় বালকৰ এনে প্ৰদৰ্শনত মুগ্ধ হৈ ঝাৰখণ্ড চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।
আই পি এল অভিযান সামৰি ঘৰমুৱা হোৱাৰ পাছতে ঝাৰখণ্ডত আয়োজন কৰা হৈছে বৈভৱৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ। একেদৰে তেওঁলৈ যচা হৈছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰৰ পদ।
এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী ডা০ ইৰফান আনচাৰীয়ে। লগতে তেওঁ বৈভৱৰ আত্মবিশ্বাসৰো শলাগ লয় মন্ত্ৰীগৰাকীয়ে।

