Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
বলিউডৰ ভাইজান চলমান খানৰ জন্মদিন

বলিউডৰ ভাইজান চলমান খানৰ জন্মদিন

ডিজিটেল ডেস্কঃ বলিউডৰ সুলতান চলমান খানৰ ৬০ সংখ্যক জন্মদিন। মাজনিশা অভিনেতাজনে নিজৰ ফাৰ্ম হাউচৰ বাহিৰত পাপাৰাজীৰ সৈতে কেক কাটে। ইপিনে তেওঁলোকৰ সৈতে ফটোৰ বাবে পোজ দিয়াও পৰিলক্ষিত হয়।

অভিনেতাগৰাকীয়ে তেওঁৰ বিশেষ দিনটো উদযাপন কৰে পানভেল ফাৰ্ম হাউচত। তাত উপস্থিত থাকে বহু কেইজন তাৰকা। ইপিনে চলমান খানৰ পিতৃ চেলিম আৰু ভতিজা আৰহান আৰু নিৰ্বাণ একেলগে উপস্থিত থাকে লগতে আৰবাজ আৰু সোহেইল তেওঁৰ সেই দিনটোত তেওঁৰ সৈতে একেলগে থাকে।

উল্লেখ্য যে, অভিনেতা চলমান খান ভাইজান,দাবাংগ খান,টাইগাৰ,চিকণ্ডৰ,চুলতান আৰু বহুতো নামেৰে অনুৰাগীৰ মাজত পৰিচিত । ১৯৬৫ চনৰ ২৭ ডিচেম্বৰত ইন্দোৰত জন্মগ্ৰহণ কৰিছিল চলমান খানে। চলমানৰ ফেন ফ'ল'ৱাৰ কেৱল ভাৰততে নহয়, আনকি বিদেশতো তেওঁক ভাইজান বুলি কয়।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin