Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
বলীউডৰ গ্লেমাৰ জগতত পুনৰ বিবাহবিচ্ছেদৰ খবৰ

বলীউডৰ গ্লেমাৰ জগতত পুনৰ বিবাহবিচ্ছেদৰ খবৰ

ডিজিটেল ডেস্ক: বলীউডৰ গ্লেমাৰ জগতত ব্যক্তিগত সম্পৰ্কক কেন্দ্ৰ কৰি পুনৰ সৃষ্টি হৈছে ব্যাপক চৰ্চা। বহুদিন ধৰি চলি থকা জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত অভিনেত্ৰী মৌনী ৰয় আৰু ব্যৱসায়ী সূৰয নাম্বিয়াৰে তেওঁলোকৰ বিবাহবিচ্ছেদৰ খবৰ আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে। ২০২২ চনত ধুমধামেৰে বিবাহ সম্পন্ন কৰা এই জনপ্ৰিয় দম্পতিৰ বিচ্ছেদৰ খবৰে ইতিমধ্যে সামাজিক মাধ্যম আৰু বিনোদন জগতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

যৌথ বিবৃতিযোগে এই ঘোষণা

এক যৌথ বিবৃতিত মৌনী আৰু সূৰজে এই বিষয়ে ৰাজহুৱা কৰে। বিবৃতিটোত তেওঁলোকে কয় যে, ব্যক্তিগত জীৱনক লৈ অযথা আৰু অতিৰঞ্জিত চৰ্চা চলি আছে। সেয়েহে তেওঁলোকে 'পৃথক পথত আগবাঢ়ি যোৱাৰ' সিদ্ধান্ত লৈছে আৰু বিষয়টো শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ চেষ্টা চলাই আছে।

দুয়োয়ে শান্তিপূৰ্ণভাৱে পৃথক পথ বাছি লোৱাৰ কথা উল্লেখ কৰি অনুৰাগী আৰু সংবাদ মাধ্যমক ব্যক্তিগত গোপনীয়তা ৰক্ষা কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, ২০২২ চনৰ জানুৱাৰী মাহত গোৱাত পৰম্পৰাগত মালয়ালি আৰু বঙালী ৰীতি-নীতিৰে তেওঁলোকৰ বিবাহ অনুষ্ঠিত হৈছিল। সামাজিক মাধ্যমত ইজনে-সিজনক আনফ’ল’ কৰাৰ পিছৰে পৰা বিচ্ছেদৰ গুজৱ তীব্ৰ হৈ উঠিছিল। যদিও সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ অভিযোগ আৰু গুজৱ প্ৰচাৰ হৈছিল, তথাপিও মৌনী আৰু সূৰজে সেই সন্দৰ্ভত মন্তব্য নকৰি 'মিথ্যা কাহিনী' প্ৰচাৰ নকৰিবলৈ সকলোকে আহ্বান জনায়।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin