Dailyhunt
বনতাৰা উদ্বোধন কৰি আম্বানীৰ প্ৰশংসাত পঞ্চমুখ  প্ৰধানমন্ত্ৰী মোডী...

বনতাৰা উদ্বোধন কৰি আম্বানীৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী মোডী...

ডিজিটেল ডেস্কঃ গুজৰাটৰ জামনগৰত মঙলবাৰে বন্যপ্ৰাণী উদ্ধাৰ, পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰ 'বনতাৰা' উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ এণ্ড ৰিলায়েন্স ফাউণ্ডেচনে স্থাপন কৰা এই বন্যপ্ৰাণী উদ্ধাৰ, পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰটোত ২০০০ৰো অধিক প্ৰজাতিৰ প্ৰাণী আৰু ১.৫ লাখৰো অধিক উদ্ধাৰ কৰা আৰু বিলুপ্তপ্ৰায় প্ৰাণী আছে।

৩০০০ একৰ ভূমিত অৱস্থিত এই অভয়াৰণ্যখনক অনন্ত আম্বানীক ভূয়সী প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ সামাজিক মাধ্যমত লিখিছে, বন্যপ্ৰাণী সংৰক্ষণ, উদ্ধাৰ আৰু পুনৰসংস্থাপনৰ এক অনন্য পদক্ষেপ বনতাৰা উদ্বোধন কৰো, যিয়ে বন্যজন্তুক এক সুৰক্ষিত আশ্ৰয় প্ৰদান কৰাৰ লগতে পৰিস্থিতিগত স্থিৰতা আৰু বন্যপ্ৰাণী কল্যাণৰ নিদৰ্শন তুলি ধৰে।

এই সহানুভূতিশীল প্ৰচেষ্টাৰ বাবে মই অনন্ত আম্বানী আৰু তেওঁৰ গোটেই দলটোক প্ৰশংসা কৰিছো।

এই অভয়াৰণ্যখনত উপলভ্য সা-সুবিধা সমূহ পৰিদৰ্শন কৰি অভিভূত হৈ পৰে প্ৰধানমন্ত্ৰী মোডী। লগতে কেন্দ্ৰটোৰ বিভিন্ন জীৱ-জন্তুৰ সৈতে কিছু মুহূৰ্ত অতিবাহিত কৰে মোডীয়ে। উল্লেখ্য যে, বনতাৰাত বন্যপ্ৰাণীক চিকিৎসা কৰা অত্যাধুনিক পশু চিকিৎসালয়ো আছে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘বনতাৰা’ৰ পশু চিকিৎসালয় পৰিদৰ্শন কৰি তাৰ সুবিধাসমূহৰ বিষয়ে বুজ লয় । য’ত এম আৰ আই, চি টি স্কেন, আইচিএউ আদিৰে সজ্জিত আৰু লগতে বন্যপ্ৰাণী এনাস্থেচিয়া, কাৰ্ডিঅ’লজী, নেফ্ৰ’লজী, এণ্ড’স্কপী, ডেন্টিষ্ট্ৰি আৰু ইণ্টাৰনেল মেডিচিনকে ধৰি একাধিক বিভাগ আছে ।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin