Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
বঙালী চলচ্চিত্ৰ নিৰ্মাতা অনিক দত্ত আৰু নাই

বঙালী চলচ্চিত্ৰ নিৰ্মাতা অনিক দত্ত আৰু নাই

ডিজিটেল ডেস্কঃ বঙালী চলচ্চিত্ৰ নিৰ্মাতা অনিক দত্তৰ দেহাৱসান ঘটে। কলকাতাৰ যধপুৰ পাৰ্কস্থিত তেওঁৰ বাসগৃহত ছাদৰ পৰা পৰি শেষ নিশ্বাস ত্যাগ কৰে দত্তই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৭০ বছৰ।

প্ৰাপ্ত তথ্য মতে, মংগলবাৰে নিশা ছাদৰ পৰা পৰাৰ পাছতে আঘাতপ্ৰাপ্ত হয় অনিক দত্ত। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইপিনে দীৰ্ঘদিন ধৰি কিছু শাৰীৰিক অসুস্থতাতো ভুগি আছিল অনিক দত্তই। বৰ্তমান কলকাতা আৰক্ষীয়ে সমগ্ৰ ঘটনাটো এক দুৰ্ঘটনা নে ইয়াৰ আঁৰত আন কিবা কাৰণ আছে, সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

অনিক দত্তৰ এই আকস্মিক মৃত্যুত পশ্চিমবংগৰ চলচ্চিত্ৰ জগতৰ কলা-কুশলী তথা অনুৰাগীসকল মৰ্মাহত হৈ পৰিছে।

লগতে বঙালী চলচ্চিত্ৰ জগতৰ বহু বিশিষ্ট ব্যক্তিয়ে সামাজিক মাধ্যমৰ জৰিয়তে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

উল্লেখ্য যে, ২০১২ চনত মুক্তিপ্ৰাপ্ত তেওঁৰ প্ৰথমখন ব্যংগাত্মক ছবি 'ভূতেৰ ভৱিষ্যত' ছবিখনে সফলতা লাভ কৰাৰ লগতে সমালোচকৰো উচ্চ প্ৰশংসা বুটলিছিল। এই ছবিখনে বঙালী চিনেমাৰ ধাৰাটোক এক নতুন মাত্ৰা প্ৰদান কৰিদছিল। ইয়াৰ উপৰি তেওঁ 'আশ্চৰ্য প্ৰদীপ' , 'ভৱিষ্যতেৰ ভূত' , 'বৰুণবাবুৰ বন্ধু' আৰু অপৰাজিত ৰায়ৰ (সত্যজিত ৰায়ৰ 'পথৰ পাঁচালী' নিৰ্মাণৰ পটভূমিত আধাৰিত) জীৱনক লৈ নিৰ্মাণ কৰা 'অপৰাজিত' ৰ দৰে কেইবাখনো কালজয়ী ছবি পৰিচালনা কৰিছিল।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin