Dailyhunt

বাৰিষাৰ দিনত পৰাপক্ষত আটা মাৰি ফ্ৰীজত নথ'ব

ডিজিটেল ডেস্ক: বৰষুণৰ বতৰত বেক্টেৰিয়া অতি সহজতে বিকশিত হ'ব পাৰে। এই পৰিৱেশত আৰ্দ্ৰতা থাকে, যাৰ বাবে বায়ুত থকা বেক্টেৰিয়া সোনকালে সংক্ৰমণ হোৱাৰ আশংকা থাকে। সেয়েহে এই দিনকেইটাত খাদ্য সামগ্ৰীবোৰ অতি সাৱধানে ব্যৱহাৰ কৰিব লাগে। খাদ্য আৰু জীৱনশৈলীত সাৱধানতা অৱলম্বন নকৰিলে স্বাস্থ্যৰ ওপৰত ই বেয়া প্ৰভাৱ পেলাব পাৰে।

অধিকাংশ লোকেই আটা সৰহকৈ মাৰি পিছত ব্যৱহাৰৰ বাবে ফ্ৰীজত ৰাখে।কিন্তু ই স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক হ'ব পাৰে আপুনি কল্পনাই কৰিব নোৱাৰিব। হয়, আটা মাৰি থওঁতে তাত ইতিমধ্যেই পানী থাকে। ফলত বতৰত থকা আৰ্দ্ৰতাৰ বাবে তাত বেক্টেৰিয়া সহজেই জমা হ'ব পাৰে।সেয়েহে পৰাপক্ষত ফ্ৰীজত আটা মাৰি থ'বয়েই নালাগে।

ফ্ৰীজত থোৱা আটাৰ ফলত আমাৰ শৰীৰৰ কি ক্ষতি হ'ব পাৰে, আজি জানো আহক-

ফ্ৰীজত ৰখা আটা খোৱাৰ ফলত গেছ, এচিডিটি আৰু কোষ্ঠকাঠিন্য হয়।কিয়নো বেক্টেৰিয়া আৰ্দ্ৰতাত দ্ৰুতগতিত বিকশিত হয়। কেৱল ফ্ৰিজত ৰখা আটায়েই নহয়, এই বেক্টেৰিয়াবোৰৰ বাবে গাখীৰ, দুগ্ধজাত সামগ্ৰী আৰু মাংসও সোনকালে নষ্ট হয়।

আনহাতে, যদি আপুনি আটা ফ্ৰীজত ৰাখিবলৈ বিচাৰে, তেন্তে ইয়াক খুব চাফাকৈ ধোৱা পাত্ৰত ৰাখিব যাতে পাত্ৰটোৰ চুক-কোণবোৰত লেতেৰা লাগি নাথাকে।পৰাপক্ষত ২৪-৪৮ ঘণ্টাৰ ভিতৰত মাৰি থোৱা আটাখিনি ব্যৱহাৰ কৰাটো ভাল।আৰু এটা কথা মন কৰিব যাতে আটা মাৰোতে আপুনি বেছিকৈ পানী নিদিয়ে। যিমানেই কম আৰু টানকৈ আটাখিনি মাৰিব, সিমানেই তাত বেক্টেৰিয়া বিকশিত হোৱাৰ আশংকা কম থাকিব।

এইকেইবিধ খাদ্য সামগ্ৰী কেতিয়াও ফ্ৰীজত নাৰাখিব
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin