Dailyhunt
ভাল খবৰ : বকুলগুৰী এলেকাত হ্ৰাস পাইছে কপিলীৰ জলপৃষ্ঠ

ভাল খবৰ : বকুলগুৰী এলেকাত হ্ৰাস পাইছে কপিলীৰ জলপৃষ্ঠ

ডিজিটেল সংবাদ, কামপুৰ : ডিমা হাচাও জিলাৰ উমৰাংছ'ৰ খান্দং বান্ধৰ ৭টা গেট খুলি দিয়াৰ ফলত মঙলবাৰৰ নিশাৰ পৰা নগাঁও আৰু মৰিগাঁও জিলাৰ মাজেৰে বৈ যোৱা কপিলী নদীৰ জলপৃষ্ঠ ক্ৰমশঃ বৃদ্ধি হৈছিল। কিন্তু এতিয়া কামপুৰৰ বকুলগুৰী এলেকাত কপিলীৰ পানী কমিবলৈ ধৰা বুলি স্থানীয়লোকে মন্তব্য কৰিছে।

উল্লেখ্য যে ডিমা হাচাওৰ খান্দঙ বান্ধ, কপিলী হাইড্ৰপাৱাৰ ষ্টেচনৰ ৰিজাৰ্ভাৰত পানীৰ উচ্চতা বৃদ্ধি হোৱাত এই গেট কেইখন খুলি দিয়া হৈছিল বুলি জানিব পৰা গৈছে। কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ৭ খন গেটেৰে পানী বৈ অহাত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত মধ্য অসমৰ হোজাই, কামপুৰৰ কপিলীপৰীয়া ৰাইজৰ মাজত হাহাকাৰময় পৰিবেশৰ সৃষ্টি হৈছিল। কিন্তু বুধবাৰৰ সন্ধিয়াৰ ভাগৰ পৰা কপিলীৰ গতিবেগ কিছু পৰিমাণে হ্ৰাস পাবলৈ ধৰে আৰু বৃহস্পতিবাৰে দিনৰ ১২ বজাৰ পিছত কিছু পৰিমানে কমা বুলি জানিব পৰা গৈছে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin