Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
ভাল খবৰ : দিল্লী-বাংগালুৰুৰ দৰ্শকেও চাব পাৰিব 'হোমৱৰ্ক'

ভাল খবৰ : দিল্লী-বাংগালুৰুৰ দৰ্শকেও চাব পাৰিব 'হোমৱৰ্ক'

ডিজিটেল ডেস্ক : অসমীয়া চলচ্চিত্ৰৰ বাবে আছে এটি ভাল খবৰ। নতুন অসমীয়া ছবি হোমৱৰ্ক (Homework) এতিয়া দিল্লী আৰু বাংগালুৰুতো মুক্তি দিয়াৰ বাবে ব্যৱস্থা কৰা হৈছে। ছবিখন ইতিমধ্যে অসমত মুক্তিলাভ কৰাৰ পাছৰে পৰা দৰ্শকৰ মাজত চৰ্চাৰ বিষয় হৈ পৰাৰ উপৰিও সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰতিভাসম্পন্ন অচিন্ত্য শংকৰ পৰিচালিত এই ছবিখন ২২ মে' ২০২৬ত দিল্লীৰ PVR Promenade Vasant Kunjত সন্ধিয়া ৮-৪০ বজাত প্ৰদৰ্শিত হ'ব। একেদৰে বাংগালুৰুত PVR Market Cityত সন্ধিয়া ৮-০০ বজাত দৰ্শকে ছবিখন উপভোগ কৰিব পাৰিব।

উল্লেখযোগ্য যে, হোমৱৰ্কৰযোগেদি দীৰ্ঘদিনৰ মূৰত ৰূপালী পৰ্দালৈ প্ৰত্যাৱৰ্তন ঘটিছে মোহময়ী অভিনেত্ৰী গায়ত্ৰী মহন্তৰ।

একেদৰে ছবিখনত অভিনয় কৰিছে ৰিম্পী দাস, দেৱজিত মজুমদাৰ, শিশু শিল্পী জীউকে ধৰি ভালেকেইগৰাকী ন-পুৰণি অভিনেতাই। ছবিখনৰ মূল বাৰ্তা হৈছে শিশুসকলৰ শৈশৱ, মানসিক বিকাশ আৰু অভিভাৱকৰ দায়িত্ব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin