Dailyhunt
ভাৰতৰ আটাইতকৈ দীঘল ৰে'লখনৰ বিষয়ে জানেনে ?

ভাৰতৰ আটাইতকৈ দীঘল ৰে'লখনৰ বিষয়ে জানেনে ?

ডিজিটেল ডেস্ক: ৰে'ল দীঘল। সৰুতে আপোনাক দীঘলৰ উদাহৰণ দিবলৈ গৈ বহুতেই ছাগৈ ৰে'লৰ কথাকেই কৈছে। পিছে ভাৰতৰ আটাইতকৈ দীঘল ৰে'লখনৰ বিষয়ে আপুনি জানেনে ? ছুপাৰ বাসুকী ৰে'লখনেই হৈছে ভাৰতৰ আটাইতকৈ দীঘল ৰে'ল। হয়, ২৯৫টা ডবাৰ সৈতে এই ৰে'লখনৰ মুঠ দৈঘ্য ৩.৫ কিলোমিটাৰ।

ছুপাৰ বাসুকী যাত্ৰীবাহী ৰে'ল নহয়, এইখন এখন মালবাহী ৰে'লহে। ভাৰত স্বাধীন হোৱাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ ক্ষণতে এই বিশেষ ৰে'লখনৰ যাতায়াত আৰম্ভ হৈছিল। ভাৰতীয় ৰে'লৱেৰ এই ৰে'লখন ছট্টিছগড়ৰ কৌৰৱাৰ পৰা নাগপুৰৰ ৰাজনন্দ গাঁৱলৈ চলাচল কৰে। এই যাত্ৰাৰ বাবে ৰে'লখনক ১১.২০ ঘণ্টা সময় লাগে।

এই ৰে'লখন চলিবৰ বাবে ছয়টা ইঞ্জিন ব্যৱহাৰ কৰা হয়। ছুপাৰ বাসুকী ৰে'লখনে এবাৰতে ৯০০০টন কয়লা লৈ যাত্ৰা কৰিব পাৰে।

Also Read: পৃথিৱীৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক’ত আছে জানেনে ?

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin