Dailyhunt
ভাৰতৰ ধৰ্মীয় পৰম্পৰা জীৱনবোধৰ সৈতে গভীৰভাৱে সংপৃক্ত : নৰেন্দ্ৰ মোডী

ভাৰতৰ ধৰ্মীয় পৰম্পৰা জীৱনবোধৰ সৈতে গভীৰভাৱে সংপৃক্ত : নৰেন্দ্ৰ মোডী

ডিজিটেল ডেস্ক : 'ভাৰতৰ ধৰ্মীয় পৰম্পৰা জীৱনবোধৰ সৈতে গভীৰভাৱে সংপৃক্ত।' - এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। দেওবাৰে মাৰ্কিন সাংবাদিক লেক্স ফ্ৰিডমেনৰ পডকাষ্টৰ এটি সাক্ষাৎকাৰত অংশ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

তাতেই তেওঁ ভাৰতৰ ধৰ্মীয় পৰম্পৰাৰ বিষয় সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত বিস্তৃত বক্তব্য দাঙি ধৰে। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে, উক্ত সাক্ষাৎকাৰ অনুষ্ঠানটিত কেইবাটাও প্ৰসংগক বিষয় হিচাপে লৈ ভালেকেইটা প্ৰশ্ন কৰে সাংবাদিক ফ্ৰিডমেনে।

গুজৰাটৰ গোধৰা কাণ্ড, ভাৰতৰ বৈচিত্ৰতা, সন্ত্ৰাসবাদক উৎসাহ যোগোৱাত পাকিস্তানৰ ভূমিকা, ট্ৰাম্পৰে মোডীৰ সম্পৰ্ক আদি কৰি কেইবাটাও প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰ মোডীয়ে সাৱলীল আৰু বিস্তৃতভাৱে দিয়ে।

তাৰ মাজতে ভাৰতৰ ধৰ্মীয় পৰম্পৰাৰ উত্তৰ দি মোডীয়ে কয়- “ প্ৰথম কথা, ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে।”

হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয়ে নহয়। বৰঞ্চ ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শকৰ দৰ্শন হৈছে এই হিন্দু ধৰ্ম।

"উপবাসে আমাক আমাৰ অন্তৰ্নিহিত মনোভাৱ আৰু বাহ্যিক আত্মাৰ সৈতে ভাৰসাম্য ৰক্ষা কৰাত উদগনি যোগায়। উপবাসে ইন্দ্ৰিয়সমূহক সক্ৰিয় কৰি তোলে, অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে।"

তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু বাহিৰৰ চিন্তাধাৰাক উৎসাহিত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়াও জড়িত হৈ থাকে।

ভাৰতৰ মানুহে ধৰ্মীয় নাইবা আন কাৰণত প্ৰায়েই উপবাসে থাকে। উপবাসে মানুহক লেহেমীয়া নকৰে; বৰঞ্চ সক্ৰিয় কৰাৰ লগতে উদ্যমহে যোগায় বুলি মোডীয়ে মন্তব্য কৰে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin