Dailyhunt

ভিটামিন ডি লাভ কৰাৰ সহজ উপায়কেইটা জানি লওঁক

ডিজিটেল ডেস্ক: স্বাস্থ্যৱান শৰীৰৰ বাবে ভিটামিন-ডি অতি গুৰুত্বপূৰ্ণ।ভিটামিন ডি হৈছে এক চৰ্বি-দ্ৰৱণীয় ভিটামিন, যাক কেলচিয়াম আৰু ফছফৰাছ শোষণ কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ইয়াৰ অভাৱত হাড়, গাঁঠিৰ বিষ তথা ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে। সূৰ্যৰ পোহৰক ভিটামিন-ডিৰ সৰ্বশ্ৰেষ্ঠ উত্‍স বুলি গণ্য কৰা হয় যদিও শীতকালত কুঁৱলীৰ বাবে মানুহে সূৰ্যৰ পোহৰ ল'ব নোৱাৰে।পিছে সূৰ্যৰ পোহৰৰ উপৰিও আন উত্‍সৰেও আপুনি ভিটামিন-ডি গ্ৰহণ কৰিব পাৰে।আজি সেই বিষয়ে জানো আহক-

এই সুযোগ নেহেৰুৱাব

যেতিয়াই ঘন কুঁৱলী আৰু ডাৱৰৰ মাজৰ পৰা সূৰ্য ওলায়, তেতিয়া ভিটামিন-ডি গ্ৰহণ কৰাৰ সুযোগ একেবাৰে এৰি নিদিব।ৰাতিপুৱা সূৰ্য ওলোৱাৰ পাছতে কিছু সময় ৰ'দত বহিব।সূৰ্যৰ পোনপটীয়া ৰশ্মিয়ে আপোনাক আন বহু ৰোগৰ পৰাও বচাই ৰাখিব।

কাঠফুলা

কাঠফুলাৰ জৰিয়তে আপুনি শৰীৰৰ ভিটামিন-ডিৰ অভাৱ পূৰণ কৰিব পাৰে। এক অধ্যয়ন অনুসৰি, কাঠফুলাই সূৰ্যৰ পোহৰৰ পৰা ভিটামিন-ডি প্ৰস্তুত কৰে। সেয়েহে ইয়াক আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰি ভিটামিন-ডিৰ অভাৱ পূৰণ কৰিব পাৰে।

ভিটামিন-ডি ফৰ্টিফাইড খাদ্য

আপুনি এনে খাদ্য আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে, য'ত এই ভিটামিনৰ পৰিমাণ অতি ভাল পৰিমাণত পোৱা যায়।ইয়াৰ বাবে আপুনি কমলা ৰস, গাখীৰ, দৈ, ছ'য়া গাখীৰ আদি খাব পাৰে।

চৰ্বিযুক্ত, তেলেতীয়া মাছ

চৰ্বিযুক্ত তথা তেলেতীয়া মাছেও শৰীৰত ভিটামিন-ডিৰ অভাৱ পূৰণ কৰিব পাৰি।ইয়াৰ বাবে আপুনি সাগৰীয় মাছবোৰ আপোনাৰ আহাৰত অন্তৰ্ভূক্ত কৰিব পাৰে।

পৰিপূৰক

শৰীৰত এই ভিটামিনৰ অভাৱ পূৰণ কৰিবলৈ আপুনি ভিটামিন-ডি পৰিপূৰক (ছাপ্লিমেণ্ট) গ্ৰহণ কৰিব পাৰে। অৱশ্যে বিশেষজ্ঞৰ পৰামৰ্শ লৈহে আপুনি এইসমূহ গ্ৰহণ কৰিব।

সুস্থ হৈ থাকিবলৈ দৈনিক খাওঁক এইবিধ ফল
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin