Dailyhunt
ভুলতো নকৰিব এই কাম, অন্যথা হেৰুৱাব প্ৰাণ

ভুলতো নকৰিব এই কাম, অন্যথা হেৰুৱাব প্ৰাণ

ডিজিটেল ডেস্ক: সম্প্ৰতি হাৰ্ট এটেক বা হৃদআক্ৰমণত মৃত্যু হোৱা লোকৰ হাৰ অস্বাভাৱিক হাৰত বৃদ্ধি পাবলৈ ধৰি।ইয়াৰ মূখ্য কাৰণ হৈছে অস্বাস্থ্যকৰ জীৱনশৈলী, দুৰ্বল খাদ্যাভ্যাস আৰু একেবাৰে ব্যায়াম নকৰা। বতৰৰ বাবেও বহুসময়ত হৃদআক্ৰমণৰ সমস্যা বৃদ্ধি হয়।হয়, স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, শীতকালত হৃদআক্ৰমণৰ আশংকা যথেষ্ট পৰিমাণে বৃদ্ধি হয়।যাৰ বাবে এই দিনকেইটাত এক স্বাস্থ্যকৰ জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিয়াটো খুবেই জৰুৰী।

শীতকালত হৃদআক্ৰমণৰ আশংকা কিয় বৃদ্ধি হয়?

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, শীতৰ ৰাতিপুৱা হৃদআক্ৰমণৰ আশংকা বৃদ্ধি হোৱাৰ কাৰণ এয়ে যে, শৰীৰৰ ৰক্তনলীবোৰ ঠাণ্ডাত সংকুচিত হয়। যাৰ ফলত হৃদযন্ত্ৰই তেজ পাম্প কৰিবলৈ অধিক পৰিশ্ৰম কৰিব লগীয়া হয়।

ই ৰক্তচাপ বৃদ্ধিৰ লগতে হৃদযন্ত্ৰৰ পেশীৰ ওপৰত চাপ বৃদ্ধি কৰে। ইয়াৰ ফলত বুকুত বিষ হয়, যাক এনজিনা বুলি কোৱা হয়। এই এনজিনৰ ফলতেই এজন ব্যক্তি হৃদৰোগত আক্ৰান্ত হয়।সেয়েহে, শীতকালত হাৰ্ট এটেকৰ পৰা নিজকে বচাই ৰাখিবলৈ তলত উল্লেখ কৰা দিশসমূহত মন দিব-

ৰাতিপুৱা সোনকালে উঠি বাহিৰলৈ নাযাব

শীতকালৰ ৰাতিপুৱা বতৰ ঠাণ্ডা হৈ থাকে আৰু বিচনাৰ পৰা উঠি আহোতে শৰীৰ গৰম হৈ থাকে। যদি আপুনি বিচনাৰ পৰা উঠিয়েই বাহিৰলৈ ওলাই আহে, শৰীৰৰ ৰক্তনলীবোৰ দ্ৰুতগতিত সংকুচিত হ'বলৈ আৰম্ভ কৰে। বিশেষকৈ যিসকলৰ ইতিমধ্যে হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাত ভূগি আছে, তেওঁলোকে এই ক্ষেত্ৰত অধিক যত্ন লোৱাৰ প্ৰয়োজন।

হৃদআক্ৰমণৰ আশংকা কেনেদৰে হ্ৰাস কৰিব পাৰি

ৰাতিপুৱা উঠাৰ পিছত অলপ সময় বহি থাকিব

ৰাতিপুৱা সাৰ পোৱাৰ পাছত অলপ সময় বিচনাত বহিব। ইয়াৰ পিছত আপোনাৰ কোঠাত অলপ খোজ কাঢ়িব। এনে কৰাৰ দ্বাৰা, শৰীৰ ক্ৰমান্বয়ে কোঠাৰ উষ্ণতালৈ আহিব আৰু হৃদআক্ৰমণৰ আশংকাও হ্ৰাস হ'ব।

খোজ কাঢ়োতে এই বিষয়েও মন দিব

ৰাতিপুৱা উঠি খোজ কঢ়াটো হৃদযন্ত্ৰৰ বাবে ভাল বুলি গণ্য কৰা হয়। কিন্তু শীতকালত ৰ'দ ওলোৱাৰ পাছতহে খোজ কাঢ়িব। পাতল সূৰ্যৰ পোহৰত খোজ কঢ়াটো এটা ভাল বিকল্প। ই হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখিব।

Also Read: উচ্চ ৰক্তচাপ, চৰ্দি-কাহ, পাকস্থলী, হৃদযন্ত্ৰৰ লগতে বহু ৰোগৰ ঔষধ নহৰু

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin