Dailyhunt
বিজয়া দশমীয়ে দিলে শুভ বাৰ্তা !

বিজয়া দশমীয়ে দিলে শুভ বাৰ্তা !

ডিজিটেল ডেস্ক:সমগ্ৰ দেশতে ২ অক্টোবৰত বিজয়া দশমী আৰু দশেৰা পালন কৰা হয়। এটা বছৰলৈ মা দুৰ্গাক বিদায় দি অগনন ভক্ত শোকত ভাগি পৰে। কিন্তু, এই বিশেষ দিনটোয়েই একাংশ লোকলৈ লৈ আহিছে শুভ বাৰ্তা। হয়, জ্যোতিষশাস্ত্ৰৰ মতে, দশেৰাৰ পাছত বিশেষ তিনি ৰাশিৰ লোকৰ ভাগ্য উদয় হ'ব।

বুধে সলনি কৰিব গতি পথ

নক্ষত্ৰ পৰিবৰ্তন, গ্ৰহৰ অৱস্থান, শুভকাল আদিবোৰক পৰম্পৰা বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। বুধে যেতিয়া নক্ষত্ৰ বা ৰাশি সলনি কৰে, তেতিয়া ই কেইটামান ৰাশিত বিশেষভাৱে প্ৰভাৱ পেলায়। ৩ অক্টোবৰৰ পৰা ভাগ্য সলনি হ'বলগীয়া ৰাশিকেইটা হৈছে-

তুলা ৰাশি

আজিৰে পৰা তুলা ৰাশিত মংগল আৰু বুধৰ সংযোগ হ'ব, যাক অত্যন্ত শুভ বুলি গণ্য কৰা হয়।

তুলা ৰাশিৰ সপ্তম স্থানত এই দুটা গ্ৰহৰ সংগম গঠন হ’ব, যিয়ে বৈবাহিক জীৱনলৈ সুখ কঢ়িয়াই আনিব।

মেষ ৰাশি

মেষ ৰাশিত মংগল গ্ৰহৰ শাসন আছে। মংগল আৰু বুধৰ সংযোগে এই ৰাশিৰ অধীনত জন্ম লোৱাসকলৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব। এই ৰাশিৰ লোকসকলৰ মানসিক শক্তি বৃদ্ধি পাব, যিয়ে তেওঁলোকক জীৱনৰ উচিত সিদ্ধান্ত লোৱাত সহায় কৰিব।

কৰ্কট ৰাশি

আজিৰে পৰা কৰ্কট ৰাশিৰ চতুৰ্থ স্থানত মংগল আৰু বুধৰ সংযোগ গঠন হ’ব। যাৰ ফলত কৰ্কট ৰাশিৰ লোকসকলে আয়ৰ নতুন উৎস লাভ কৰিব, যিয়ে তেওঁলোকক আৰ্থিক দিশত যথেষ্ট সবল কৰিব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin