Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
বোকাখাতৰ গড়মূৰত পথ দুৰ্ঘটনা, হেলমেট বিহীন বাইক আৰোহীৰ মৃত্যু...

বোকাখাতৰ গড়মূৰত পথ দুৰ্ঘটনা, হেলমেট বিহীন বাইক আৰোহীৰ মৃত্যু...

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাতৰ গড়মূৰত আজি সন্ধিয়া এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। নিহত যুৱকজনক বোকাখাতৰ নাহৰজানৰ বাসিন্দা ৰাকেশ সিং বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে, ৰাকেশ সিঙে লখৌজানৰ পৰা নিজৰ AS05AA 0481 নম্বৰৰ বাইকেৰে বোকাখাত নাহৰজানৰ বাসগৃহলৈ বুলি গৈ থকা অৱস্থাতে গড়মূৰত এই দুৰ্ঘটনাটো সংঘটিত হয়। স্থানীয় ৰাইজৰ মতে, দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে যুৱকজনৰ ঘটনাস্থলীতেই মৃত্যু ঘটে।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, বাইক চলোৱাৰ সময়ত যুৱকজনে কোনো হেলমেট পৰিধান কৰা নাছিল। হেলমেট নথকাৰ বাবেই মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ যুৱকজনৰ মৃত্যু হোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে।

সচেতন মহলে জানিবলৈ দিয়া মতে, সঠিক সময়ত সুৰক্ষা নীতি মানি চলিলে হয়তো যুৱকজনৰ প্ৰাণ ৰক্ষা পৰিলহেঁতেন।

এই দুৰ্ঘটনাৰ পাছতেই স্থানীয় ৰাইজে অঞ্চলটোত চলি থকা তীব্ৰবেগী বাইক চালক আৰু ষ্টাণ্টকাৰীসকলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে। বিগত কিছু দিনৰ পৰা বোকাখাতৰ ৰাজপথত এক শ্ৰেণীৰ উদণ্ড বাইক ষ্টাণ্টকাৰী দলৰ অতপালি চকুত লগাকৈ বৃদ্ধি পাইছে। যাৰ বাবে সাধাৰণ পথচাৰী আৰু অন্যান্য বাহনসমূহ অহৰহ আতংকৰ মাজত চলাচল কৰিবলগীয়া হৈছে। প্ৰশাসনে এই বাইক ষ্টাণ্টকাৰীসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই এনেধৰণৰ ঘটনা সঘনাই ঘটিবলৈ পাইছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।

কেৱল তীব্র বেগ বা অসাৱধানতাই নহয়, বোকাখাত অঞ্চলত দিনক দিনে বৃদ্ধি পোৱা পথ দুৰ্ঘটনাৰ বাবে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাকো জগৰীয়া কৰিছে স্থানীয় ৰাইজে। ঘাইপথটোৰ বুকুত সৃষ্টি হোৱা ডাঙৰ ডাঙৰ গাঁতসমূহ এতিয়া চালকসকলৰ বাবে একো একোটা মৃত্যুৰ ফান্দত পৰিণত হৈছে। এই বিধ্বস্ত ঘাইপথৰ বাবেই বোকাখাতত দৈনিক সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin