Dailyhunt

বৰ্ধিত বয়সৰ সৈতে মোকাবিলা কৰিবলৈ ছালত লগাওক এইকেইবিধ তেল

ডিজিটেল ডেস্ক: বয়স বৃদ্ধি হোৱাৰ লগে লগে মহিলাসকলৰ ছালত বিভিন্ন প্ৰকাৰৰ সমস্যাই দেখা দিয়ে।ছালখন কোঁচ খাই বা ঢিলা হৈ মুখৰ উজ্জ্বলতা নাইকিয়া।পুষ্টিৰ অভাৱ তথা বজাৰত উপলব্ধ বিভিন্ন ৰাসায়নিক পদাৰ্থযুক্ত প্ৰসাধন সামগ্ৰী ব্যৱহাৰৰ বাবে ছালখন সৌন্দৰ্য ম্লান পৰে।মহিলাসকলে এই সমস্যাৰ পৰা সকাহ পাবলৈ কেইবিধমান তেল ঘৰতে ব্যৱহাৰ কৰিব পাৰে।এই প্ৰাকৃতিক তথা ছালৰ বাবে অতি উপকাৰী তেল প্ৰয়োগৰ ফলত ছালৰ কোনো ক্ষতি নহয়।

আজি সেই বিষয়ে জানো আহক-

ৰ'জমেৰী তেল

এই তেল ছালৰ বাবে অতি উপকাৰী। ইয়াক ছালত ব্যৱহাৰ কৰিলে ছালখন দীঘলীয়া সময়ৰ বাবে হাইড্ৰেটেড হৈ থাকে। এই তেলে ছালখন ওলমি যোৱা সমস্যাৰ পৰাও সকাহ দিয়ে।সেয়েহে বয়স হোৱাৰ লগে লগে এই তেল মুখত লগাবলৈ আৰম্ভ কৰিব পাৰে।

বাদাম তেল

বাদাম তেলো আপোনাক ছাল সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পোৱাত সহায় কৰে। ই আপোনাৰ ছালক হাইড্ৰেটেড ৰাখে আৰু ছালৰ ৰং উন্নত কৰাত সহায় কৰে। ইয়াক মুখত ব্যৱহাৰ কৰিলে ছালখন টান আৰু উজ্জ্বল হয়।

লেভেণ্ডাৰ তেল

আপুনি ছাল টান কৰিবলৈ লেভেণ্ডাৰ তেলো ব্যৱহাৰ কৰিব পাৰে। এই তেল মুখত লগাই মুখখন অলপ সময় লাহে লাহে মালিচ কৰিব। নিয়মীয়াকৈ এনে কৰিলে ই ছালক পুষ্টি প্ৰদান কৰাৰ লগতে ছালখন টান কৰিব।

নেমু তেল

এণ্টিঅক্সিডেণ্ট আৰু ভিটামিনসমৃদ্ধ নেমু তেল ছালৰ বাবেও ব্যৱহাৰ কৰিব পাৰি। ই ছালৰ পৰা শালমন আঁতৰাই ছাল টান কৰাত সহায় কৰে। আপুনি সপ্তাহত দুই-তিনিবাৰ এই তেল মুখত ব্যৱহাৰ কৰিব পাৰে।

চাহ গছৰ তেল

চাহ গছৰ তেলো ছালখনক টান কৰি ৰাখিবলৈ ব্যৱহাৰ কৰিব পাৰি। ২-৩ টোপাল চাহ গছৰ তেল, ৩-৪ টোপাল পানী আৰু ১-২ চাহ চামুচ এপল চাইডাৰ ভিনেগাৰ মিহলি কৰি মিশ্ৰণ এটা প্ৰস্তুত কৰি এই তেল মুখত প্ৰয়োগ কৰক। ইয়াত পোৱা এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টিমাইক্ৰোবাইল গুণাগুণে শালমন আঁতৰ কৰাতো সহায় কৰে।

মানসিক স্বাস্থ্য উন্নত কৰি জীৱনটো উপভোগ কৰক
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin