Dailyhunt
ব্যৱসায়ীক প্ৰতিষ্ঠানে পেলাইছে ম্যাদ উকলা খাদ্য সামগ্ৰী, ৰাসায়নিক দ্ৰব্য

ব্যৱসায়ীক প্ৰতিষ্ঠানে পেলাইছে ম্যাদ উকলা খাদ্য সামগ্ৰী, ৰাসায়নিক দ্ৰব্য

ডিজিটেল সংবাদ, গোগামুখঃ আৱৰ্জনাৰে ভৰি পৰিছে সোৱণশিৰি নৈ। একাংশ ব্যৱসায়ীক প্ৰতিষ্ঠানে বস্তাই বস্তাই পেলাইছে ম্যাদ উকলা খাদ্য সামগ্ৰী,ৰাসায়নিক ঔষধ। নৈখনৰ জীৱকুলৰ প্ৰতি ভাবুকি কঢ়িয়াইছে এই দ্ৰব্যসমূহে।

এজন যুৱকে ফেচবুক লাইভ যোগে এই দৃশ্য বন্দী কৰাৰ পিছতে চকু কপালত উঠিছে প্ৰকৃতি প্ৰেমীৰ। এএছ০৫ এচি ৮৪১১ নম্বৰৰ এখন বলেৰ' পিকাপৰ পৰা আৱৰ্জনা পেলাই সোৱণশিৰিৰ পানী প্ৰদূষিত কৰাৰ দৃশ্য কেমেৰাত বন্দী হোৱাৰ পিছতে আৰক্ষী প্ৰশাসনে উক্ত বাহন খনৰ গৰাকীৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে কেনেধৰনৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।

ইফালে, ম্যাদ ওকলা খাদ্য সামগ্ৰী সমূহ কণ কণ শিশুৱে গ্ৰহণ কৰাৰ কথা স্বীকাৰ কৰিছে এগৰাকী কিশোৰে।

কোনো কোনোৱে এই ৰায়ায়নিক দ্ৰব্যসমূহ লৈ গৈছে ঘৰলৈকো। যাৰবাবে ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিৰুদ্ধে অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন ৰাইজ তথা প্ৰকৃতিপ্ৰেমীয়ে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin