Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
চলমানৰ দাদাগিৰি সহ্য নকৰিলে অৰিজিৎ সিঙে!

চলমানৰ দাদাগিৰি সহ্য নকৰিলে অৰিজিৎ সিঙে!

ডিজিটেল ডেস্কঃ হঠাতে জনপ্ৰিয় গায়ক অৰিজিত সিঙে গ্ৰহণ কৰা সিদ্ধান্তক লৈ কোটি কোটি অনুৰাগী মন ভাগি পৰিছিল। কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰিলে তাক লৈ সকলোৰে মনত উদ্বিগ্নতা প্ৰকাশ পাইছে। অৰিজিত সিঙেও এতিয়ালৈকে এই সিদ্ধান্তৰ আঁৰৰ কাৰণ প্ৰকাশ কৰা নাই। অৱশ্যে চিনেমাৰ বাবে গান নাগালেও অৰিজিত সিঙে একক ততা স্বতন্ত্ৰভাৱে এই সংগীতৰ যাত্ৰা অব্যাহত ৰাখিব।

সকলোৰে মনত প্ৰশ্ন উঠিছে যে, বলিউদ কিয় হঠাতে এৰি দিলে অৰিজিত সিঙে। নিজৰ সুৱদী কন্ঠৰে কম সময়ৰ ভিতৰতে বলিউদৰ দৰে এখন জগতত সুকীয়া আসন দখল কৰা কন্ঠশিল্পীগৰাকীৰ এই সিদ্ধান্তৰ আঁৰত আছে নেকি এগৰাকী প্ৰভাৱশালী অভিনেতাৰ হাত।

সকলোৱে জানে যে, অৰিজিতৰ কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ত চলমান খানৰ সৈতে কিছু মতানৈক্য হৈছিল।

অৱশ্যে পিছলৈ তেওঁলোকৰ মাজত সম্পৰ্ক স্বাভাৱিক হৈছিল। কিন্তু চলমানৰ শেহতীয়া এখন ছবিত অৰিজিত সিঙে কন্ঠ নিগৰোৱা এটা বিশেষ গান অতি বেয়া অভিনয়েৰে 'লিপছিং' কৰিছিল চলমানে।

এই বিষয়টোক লৈ বলিউদত চৰ্চাও হৈছিল। এই চৰ্চাৰ সময়তে অৰিজিতৰ এই সিদ্ধান্তৰ বাবে একাংশই দোষাৰূপ কৰিছে চলমান খানক। একাংশই এইবুলিও সামাজিক মাধ্যমত লিখিছে যে, অৰিজিতৰ কন্ঠক অপমান কৰিছে চলমানে। যাৰ বাবে এনে সিদ্ধান্ত ল'লে অৰিজিত সিঙে।

অৱশ্যে এয়া চৰ্চাহে। বলিউদত এনে ভিন্ন চৰ্চা চলে। অৱশ্যে বলিউদৰ এখন ডাঙৰ বজাৰ হঠাতে এৰি দিয়াৰ আঁৰত এটা বিশেষ কাৰণ যে থাকিব সেয়া নিশ্চিত। সেই কাৰণ চলমান খান হয়নে নহয়, সেয়া সময়েহে ক'ব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin