Dailyhunt

ছাল-চুলি নষ্ট হৈ ম্লান হৈ পৰিব আপোনাৰ সৌন্দৰ্য

ডিজিটেল ডেস্ক: গা ধোৱাৰ পিছত আমাৰ শৰীৰৰ পৰা এক প্ৰকাৰ ভাগৰ আঁতৰ হয় আৰু শৰীৰ তথা মনটো সতেজ অনুভৱ হয়। দৈনিক গা ধোৱাৰ ফলত শৰীৰটো চাফা হয় আৰু আপোনাক বহু ৰোগৰ পৰা আঁতৰাই ৰাখে। কিন্তু বহুসময়ত গা ধোৱাৰ পিছত আমি কৰা কিছুমান ভুলে আমাৰ ছাল-চুলিৰ অভাৱনীয় ক্ষতি কৰে, যিয়ে আমাৰ সৌন্দৰ্য একেবাৰে নষ্ট কৰি পেলায়। গা ধোৱাৰ পিছত কি সমূহ ভুল আমি ভুলতো কৰিব নালাগে, আজি জানো আহক-

মূখখন বেছিকৈ ঘঁহি নাথাকিব

কিছুমানে গা ধুই আহিয়েই মুখৰ পানী শুকুৱাবলৈ গামোচা বা টাৱেলখনৰে মুখখন খুব ঘঁহি থাকে।কিন্তু এনেদৰে ঘঁহি থকাৰ ফলত ছালখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। এনে পৰিস্থিতিত, মুখখনক নষ্ট হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ আপুনি টাৱেলখনৰে খুব লাহে লাহে চাপৰি মাৰি আপোনাৰ মুখখন শুকুৱাব ।

তিতা চুলি ঘঁহি নাথাকিব

বহুতেই গা ধুই আহি চুলিখিনি ঘঁহি ঘঁহি শুকুৱাবলৈ চেষ্টা কৰে। কিন্তু ই আপোনাৰ চুলি ক্ষতিগ্ৰস্ত কৰাৰ লগতে মানদণ্ডও নষ্ট কৰে। গতিকে এনে নকৰি চুলিখিনি প্ৰাকৃতিকভাৱে শুকাবলৈ দিব। ভালদৰে শুকুওৱাৰ পাছতহে চুলিত ফণী ব্যৱহাৰ কৰিব।

চুলি গামোচাৰে মেৰিয়াই নথ'ব

গা ধোৱাৰ পিছত চুলিত গামোচাখন মেৰিয়াই থোৱাতো বহু মহিলাৰে অভ্যাস।কিন্তু এই অভ্যাসটো চুলিৰ বাবে খুবেই ক্ষতিকাৰক।এনে কৰাৰ ফলত গামোচাত চুলি পাক খায় আৰু চিঙিবলৈ আৰম্ভ কৰে। যিয়ে, চুলিখিনিক গুৰিৰ পৰা দুৰ্বল কৰে।

সমগ্ৰ শৰীৰতে ময়েশ্চাৰাইজাৰ -তেল সানিব

সকলোৱে গা ধোৱাৰ পিছত মুখখনত ক্ৰীম সানে যদিও শৰীৰৰ বাকী অংশ আৰ্দ্ৰ নকৰে। গা ধোৱাৰ পিছত গোটেই শৰীৰটো শুকান হৈ পৰে। সেয়েহে মুখৰ সৈতে গোটেই শৰীৰৰ ছালতে তেল বা ময়েশ্চাৰাইজাৰ সানিব।

এইসমূহ ঘৰুৱা প্ৰতিকাৰৰে স্বাস্থ্যকৰ কৰি ৰাখক আপোনাৰ চুলি
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin