
ডিজিটেল ডেস্ক: সঁচাকৈয়ে দিন-কাল সলনি হ'ল ! প্ৰযুক্তিয়ে আমাক সকলোবোৰেই সহজ কৰি দিলে।আঙুলিৰ টিপতে আজিকালি আমি ধনৰ লেন-দেনবোৰ কৰিব পাৰি।কিন্তু এই প্ৰযুক্তিৰেই অপব্যৱহাৰ কৰি একাংশই অসামাজিক কাম-কাজত লিপ্ত হৈছে।হয়, এই প্ৰযুক্তিৰ বাবেই আজিকালি দৈনিক হাজাৰ হাজাৰ লোক প্ৰৱঞ্চনাৰ বলি হ'বলগীয়া হৈছে।
শেহতীয়াকৈ এনে এক ঘটনা বেংগালুৰুৰ এগৰাকী মহিলাৰ লগত সংঘটিত হৈছে। তেওঁ অনলাইনত চাৰি ডজন কণী কিনোতেই প্ৰৱঞ্চকৰ জালত পৰে।এই মহিলাগৰাকীয়ে ৪৯ টকা দি ক্ৰয় কৰিছিল চাৰি ডজন কণী।তেওঁ প্ৰথমে এই ধনৰাশি অনলাইনযোগে প্ৰতিষ্ঠানটোক দিছিল।আৰু ৪৯ টকা বিল দিয়াৰ পাছত তেওঁৰ একাউণ্টত আছিল ৪৮,০০০টকা।
বাংগালুৰুৰ বসন্তনগৰৰ বাসিন্দা শিৱানী নামৰ এই মহিলাগৰাকীয়ে প্ৰকাশ কৰা মতে, মই এটা বিজ্ঞাপন লিংক পাইছিলো, য'ত এটা প্ৰতিষ্ঠিত কোম্পানীয়ে কম হাৰত কণী বিক্ৰী কৰি আছিল।
উল্লেখ্য যে, এই ঘটনা ছ'চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছতেই সকলো এতিয়া চিন্তাত পৰিছে।মহিলাগৰাকীয়ে এই সমগ্ৰ ঘটনাটো সন্দৰ্ভত নিকটতম আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে যদিও প্ৰৱঞ্চক বৰ্তমানেও ধৰাত পৰা নাই।
কোনবোৰ ছোৱালীৰ প্ৰতি ল'ৰা আটাইতকৈ বেছি আকৰ্ষিত হয় জানেনে ?