ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সৰুহিছা গাঁও নিৱাসী চিদানন্দ বৰুৱাৰ বৃহস্পতিবাৰে বিয়লি নিজ বাসগৃহত বিয়োগ ঘটে। ৬৩ বছৰীয়া বৰুৱা বিগত কিছু বছৰ ধৰি শাৰীৰিক অসুস্থতাৰ বাবে গুৱাহাটীৰ কেইবাগৰাকী চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা গ্ৰহণ কৰি আছিল।
চিদানন্দ বৰুৱাই জলসিঞ্চন বিভাগত কৰ্মৰত হৈ পুৰণিগুদাম, ৰাইডঙীয়া, বটদ্ৰৱা আদি বিভিন্ন ঠাইৰ জলসিঞ্চন আঁচনিত নিষ্ঠাৰে সেৱা আগবঢ়াই ২০২৩ চনত অৱসৰ গ্ৰহণ কৰে। বৰুৱা বটদ্ৰৱা সৰুহিছা পুথিভঁৰাল পৰিচালনা সমিতিৰ সম্পাদককে আদি কৰি বটদ্ৰৱাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সেৱা আগবঢ়াইছিল।
মৰমীয়াল, সৰবৰহী, শান্ত প্ৰকৃতিৰ ব্যক্তিগৰাকীৰ বিয়োগত বিধায়ক ৰূপক শৰ্মাকে আদি কৰি বিভিন্নজনে শোক প্ৰকাশ কৰিছে।
মৃত্যুৰ সময় তেওঁ পত্নী, পুত্র উৎপল বৰুৱা, এগৰাকী জীয়ৰী, জোৱাইসহ বহু আত্মীয় স্বজন, ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়।

