
ডিজিটেল ডেস্ক: খোৱা-বোৱাৰ প্ৰতি সচেতন নোহোৱাৰ ফলতেই আজিকালি যি কোনো বয়সতে যি কোনো ৰোগৰ আৱিৰ্ভাৱ হ'বলৈ লৈছে। এনে ৰোগবোৰৰ ভিতৰত অন্যতম এক ৰোগ হৈছে ইউৰিক এচিড। ইউৰিক এচিডৰ স্তৰ বৃদ্ধি হ'লে আৰ্থ্ৰাইটিছ, হৃদৰোগ, ডায়েবেটিছ আৰু বৃক্ক সম্পৰ্কীয় ৰোগৰ আশংকা বৃদ্ধি হয়। ইউৰিক এচিডৰ পৰা বাচি থাকিবলৈ আহাৰৰ প্ৰতি বিশেষ যত্ন লোৱা উচিত।
জিৰা কিমান উপকাৰী ?
দৈনিক দাইল, পাচলি ৰান্ধোতে ব্যৱহৃত জিৰা স্বাস্থ্যৰ বাবে অতি উপকাৰী।ই খাদ্যৰ সোৱাদো বৃদ্ধি কৰে। জিৰাত কেলচিয়াম, জিংক, আইৰণ, ফছফৰাছৰ দৰে পুষ্টি থাকে। এই পুষ্টিবোৰে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তদুপৰি, জিৰাত এণ্টিঅক্সিডেণ্ট গুণাগুণ থাকে,যিয়ে ইউৰিক এচিডৰ ফলত ফলত হোৱা ফুলা হ্ৰাস কৰাত সহায় কৰে।জিৰাৰ পৰা প্ৰস্তুত কৰা পানী গ্ৰহণ কৰিলে শৰীৰৰ বিষাক্ত পদাৰ্থবোৰে বাহিৰ হয়।
জিৰা খোৱাৰ পদ্ধতি
বৰ্ধিত ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিবলৈ আপুনি জিৰা পানী খাব পাৰে। ৰাতি এগিলাচ পানীত কমেও ১ চাহ চামুচ জিৰা তিয়াই ৰাখিব। ৰাতিপুৱা উঠি এই পানী খাব। ইয়াৰ উপৰিও আপুনি জিৰাৰে তৈয়াৰী চাহো খাব পাৰে। জিৰাৰ চাহ বনাবলৈ গেছত এক কাপ পানীত এক চাহ চামুচ জিৰা দি উতলাব।উতলিবলৈ আৰম্ভ কৰাৰ লগে লগে পানীখিনি গেছৰ পৰা নমাই ছেকনিৰে ছেকি ল'ব।ইয়াৰ লগত নেমুৰ ৰস আৰু মৌ মিহলি কৰি খাব পাৰিব।
এনেদৰেও আপুনি ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিব পাৰে
. ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট পৰিমাণে পানী খাব। ই আপোনাৰ শৰীৰৰ পৰা ইউৰিক এচিড বাহিৰ কৰাত সহায় কৰিব।
. এই সমস্যাত চেনী গ্ৰহণ হ্ৰাস কৰক। চেনীৰ সলনি ফল আৰু মৌ খাব।
. ৰঙা মাংস নাখাব। ই শৰীৰত পিউৰিনৰ স্তৰ বৃদ্ধি কৰিব পাৰে। পিউৰিনৰ ফলত শৰীৰত ইউৰিক এচিড বৃদ্ধি হয়।
. সুৰাৰ পৰা দূৰত থাকিব। সুৰাপান কৰিলে ডিহাইড্ৰেচন হয় আৰু ডিহাইড্ৰেচনৰ ফলত ইউৰিক এচিডৰ স্তৰ বৃদ্ধি হয়।
. আপুনি আপোনাৰ আহাৰত আঁহ সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব। ই তেজত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে আৰু ইউৰিক এচিড বৃদ্ধিৰ আশংকাও হ্ৰাস কৰে।
এইদৰে কৰক মেদবহুলতা নিয়ন্ত্ৰণ