Dailyhunt
চিকিৎসা ক্ষেত্ৰলৈ আশাৰ বতৰা কঢিয়াইছে কৃত্ৰিম বুদ্ধিমত্তাই

চিকিৎসা ক্ষেত্ৰলৈ আশাৰ বতৰা কঢিয়াইছে কৃত্ৰিম বুদ্ধিমত্তাই

ডিজিটেল ডেস্ক: কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI বিজ্ঞানীসকলে কেঞ্চাৰ আৰু টাইপ ১ ডায়েবেটিছৰ অধ্যয়ন আৰু ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। নতুন ঔষধ আৱিষ্কাৰ কৰা আৰু এই ৰোগত কোন আক্ৰান্ত হ'ব পাৰে, সেই বিষয়ে ভৱিষ্যবাণী কৰাৰ পৰা আৰম্ভ কৰি ৰোগীৰ বাবে চিকিৎসাৰ ব্যৱস্থা কৰালৈকে AIয়ে জৈৱ-চিকিৎসা গৱেষণা, নিদান আৰু চিকিৎসা পৰিকল্পনাক পুনৰ গঢ় দিছে।

উল্লেখ্য যে, সমগ্ৰ বিশ্বতে কেঞ্চাৰ আৰু টাইপ ১ ডায়েবেটিছত আক্ৰান্তৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি হৈছে। ২০২২ চনত প্ৰায় ২ কোটি নতুনকৈ কৰ্কট ৰোগ ধৰা পৰে আৰু প্ৰায় ৯৭ লাখ লোকৰ এই ৰোগত মৃত্যু হয়।

২০৫০লৈ কৰ্কট ৰোগে ল'ব ভয়াৱহ ৰূপ

শেহতীয়া এক প্ৰতিবেদনত স্পষ্ট কৰা হৈছে যে ধঁপাত সেৱন, মেদবহুলতা, মদ্যপানকে ধৰি অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে ২০৫০ চনলৈ কেঞ্চাৰ ৰোগত আক্ৰান্তৰ সংখ্যা ৩.৫ কোটিতকৈ অধিক হ'ব।

আনহাতে, কেঞ্চাৰৰ দৰেই বৃদ্ধি পাইছে টাইপ ১ ডায়েবেটিত আক্ৰান্ত ৰোগীৰ সংখ্যা। অনুমান কৰা হৈছে যে ২০২৫ৰ শেষলৈ বিশ্বজুৰি প্ৰায় ৯৫ লাখ লোক এই ধৰণৰ ডায়েবেটিছত আক্ৰান্ত হ’ব, যি ২০২১ চনত ৮৪ লাখ আছিল।

AI আৰু কেঞ্চাৰ বিপ্লৱ

AI ভিত্তিক স্কেনিং আৰু ইমেজ এনালাইছিঙে অতি ক্ষীপ্ৰ আৰু সঠিকভাৱে কেঞ্চাৰ কোষ চিনাক্ত কৰিব পাৰে। উদাহৰণস্বৰূপে, AIয়ে এক্স-ৰে, এম আৰ আই, চিটি স্কেন বা বায়’প্সিৰ প্ৰতিবেদন বিশ্লেষণ কৰিব পাৰে। AIয়ে ৰোগীৰ জিনীয় তথ্য আৰু চিকিৎসাৰ ইতিহাস বিশ্লেষণ কৰি আটাইতকৈ ফলপ্ৰসূ চিকিৎসা পৰিকল্পনাৰ পৰামৰ্শ দিব পাৰে। AIয়ে লাখ লাখ ডাটা পইণ্ট বিশ্লেষণ কৰি কেঞ্চাৰ চিকিৎসাৰ বাবে নতুন ঔষধ আৰু থেৰাপী দ্ৰুতগতিত বিকশিত কৰি আছে। চিকিৎসাৰ পিছত কেঞ্চাৰ পুনৰ হোৱাৰ সম্ভাৱনাৰ বিষয়েও AI মডেলে ভৱিষ্যদ্বাণী কৰিব পাৰে।

AI আৰু ডায়েবেটিছ

AI ভিত্তিক স্মাৰ্ট ডিভাইচসমূহে তেজত চেনিৰ মাত্ৰা অবিৰতভাৱে অনুসৰণ কৰে আৰু চিকিৎসক আৰু ৰোগীলৈ তৎক্ষণাত সতৰ্কবাণী প্ৰেৰণ কৰে। AI এপসমূহে ৰোগীৰ দৈনন্দিন ৰুটিন, খাদ্যভ্যাস তথা ব্যায়ামৰ ধৰণৰ ওপৰত ভিত্তি কৰি ব্যক্তিগতকৃত পৰামৰ্শ প্ৰদান কৰে। ডায়েবেটিছ ৰোগীৰ কেতিয়া আৰু কি ধৰণৰ সমস্যা হ’ব পাৰে, সেয়া AIয়ে ভৱিষ্যদ্বাণী কৰিব পাৰে। কিছুমান AI ভিত্তিক পাম্পে সঠিক সময়ত সঠিক পৰিমাণৰ ইনচুলিনো প্ৰদান কৰে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin