Dailyhunt

Child Diet: শিশুৰ সুস্থ বিকাশৰ বাবে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিবলগীয়া ৪ টা ভাৰতীয় উপাদান

ডিজিটেল ডেস্ক: শিশুসকলক সন্তুলিত আৰু স্বাস্থ্যকৰ আহাৰ খুওৱাটো বেছিভাগ অভিভাৱকৰ বাবে এক প্ৰত্যাহ্বান।সীমিত খাদ্যৰ পছন্দ, সোৱাদ তথা অস্থিৰতাৰ বাবে শিশুক স্বাস্থ্যকৰ খাদ্য খুৱাবলৈ অভিভাৱকে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়।

এয়া সত্য যে, স্বাস্থ্যকৰ আহাৰৰ প্ৰাথমিক তাত্‍পৰ্য সকলো বয়সৰ লোকৰ বাবে একে থাকে।তত্‍সত্বেও শিশুসকলক তেওঁলোকৰ বৰ্ধিত হাড়ৰ বাবে অধিক কেলচিয়াম, পেশীৰ ভৰ বৃদ্ধিৰ বাবে প্ৰ'টিন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে এণ্টিঅক্সিডেণ্টৰ প্ৰয়োজন।এটা শিশু প্ৰতি বছৰে প্ৰায় ২.৫ (৬ ৰ পৰা ৭ চেণ্টিমিটাৰ) আৰু যৌৱন আৰম্ভ নোহোৱালৈকে প্ৰতি বছৰে প্ৰায় ২-৩ কিলোগ্ৰাম বৃদ্ধি হয়।

যাৰ অৰ্থ হৈছে তেওঁলোকক যথেষ্ট পুষ্টিৰ প্ৰয়োজন।সেয়ে তলত উল্লেখ কৰা খাদ্যসমূহ তেওঁলোকৰ নিয়মীয়া আহাৰত অন্তৰ্ভুক্ত কৰক আৰু আপোনাৰ কণমানিটোক স্বাস্থ্যৱান কৰি গঢ় দিয়ক।

ককুম

এই উজ্জ্বল ৰঙৰ টেঙাজাতীয় ফলবিধ ভিটামিন ই, খনিজ আৰু অন্যান্য পুষ্টিৰ এক সমৃদ্ধ উত্‍স।ই প্ৰদাহ আৰু কৰ্কট ৰোগ প্ৰতিৰোধী ক্ষমতাৰে ভৰপুৰ।এইবিধ ফলত এন্থোচাইনিন আৰু এণ্টিঅক্সিডেণ্টও যথেষ্ট মাত্ৰাত থাকে।ককুমে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰাৰ লগতে অন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখে।

আম আদা

আদাৰ এক প্ৰকাৰ হৈছে আম আদা। ইয়াৰ সোৱাদ কেঁচা আমৰ লেখিয়া।ই এণ্টিঅক্সিডেণ্ট আৰু পুষ্টিৰ এক সমৃদ্ধ উত্‍স। ইয়াক পৰম্পৰাগত ঔষধি প্ৰণালীত এপিটাইজাৰ, এণ্টি-পাইৰেটিক, এমোলিয়েণ্ট, এক্সপেক্টৰেণ্ট হিচাপে ব্যৱহাৰ কৰা হয়। বাঢ়ি অহা শিশুয়ে সন্মুখীন হোৱা সাধাৰণ স্বাস্থ্য প্ৰত্যাহ্বান, যেনে সঘনাই কাহ-চৰ্দি আৰু কোষ্ঠকাঠিন্যত আম আদাই যথেষ্ট সহায় কৰে।ইয়াৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণে ছালৰ আঘাত আৰু ছালৰ ৰোগ নিৰাময় কৰে।হিন্দীত ইয়াক 'আম্বা হালধি' বুলি কোৱা হয়।

তুলসী

তুলসী ভাৰতীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ।তুলসীয়ে বহু সম্প্ৰদায়ৰ ধৰ্মীয় তথা ৰন্ধনপ্ৰণালীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ পুষ্টিগত গুণাগুণৰ বাবে ইয়াক শিশুৰ আহাৰত অন্তৰ্ভুক্ত কৰাটো অত্যন্ত জৰুৰী।তুলসীত ভিটামিন চি থাকে যি শিশুৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰাত সহায় কৰে।আনহাতে, ইয়াত থকা ইউজেনোল নামৰ এণ্টিঅক্সিডেণ্টে কিশোৰ-কিশোৰীসকলক সঘনাই প্ৰভাৱিত কৰা ব্রণৰ দৰে ছালৰ বিকাৰৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।তুলসীয়ে বুকুক ঠাণ্ডা লগাৰ পৰা ৰক্ষা কৰে। ইয়াৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণে শিশুক পীড়িত কৰা ঋতুগত জ্বৰ নিৰাময় কৰে।

Protein Diet: কণীতকৈ অধিক প্ৰটিন থাকে এই ৫ টা সস্তা নিৰামিষ খাদ্যত

অনন্তমূল বা ভাৰতীয় চাৰ্চাপাৰিলা

এইবিধ শিপাজাতীয় উদ্ভিদ হিমালয় অঞ্চলৰ লগতে উপকূলীয় অঞ্চলত বৃদ্ধি হয়। ইয়াৰ বহু ছালৰ ৰোগ নিৰাময়কাৰী গুণ আছে, যি ব্রণ আৰু ছালৰ অন্যান্য বিকাৰ নিয়ন্ত্ৰণ কৰাৰ বাবে যথেষ্ট সহায়ক।ইয়াত তেজ বিশুদ্ধকৰণৰ গুণাগুণ আছে।তদুপৰি, শিশুৰ ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰিবলৈও ইয়াক ব্যৱহাৰ কৰিব পাৰি।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin