Dailyhunt
চুলিখিনি দেখনিয়াৰ কৰিবলৈ দৈনিক খাওঁক এই খাদ্য

চুলিখিনি দেখনিয়াৰ কৰিবলৈ দৈনিক খাওঁক এই খাদ্য

ডিজিটেল ডেস্ক: কথাতেই কয়, নাৰীৰ শুৱনি হেনো চুলি। দীঘল চুলিৰ প্ৰতি পুৰুষ-মহিলা সমানেই দুৰ্বল। দীঘল, শক্তিশালী তথা চিকচিকীয়া চুলিৰ গৰাকী হোৱাটোও যেন প্ৰতিগৰাকী মহিলাৰে কাম্য। কিন্তু সম্প্ৰতি চুলিৰ সীমাহীন সমস্যাৰ বাবে এই সপোন পূৰ্ণ হোৱাটো প্ৰায় অসম্ভৱ হৈ পৰিছে।

চুলিখিনি মজবুত তথা সুন্দৰ কৰিবলৈ মূৰৰ ছাল স্বাস্থ্যৱান কৰি ৰখাটো অতি জৰুৰী। তাৰ বাবে আপুনি আপোনাৰ খাদ্যৰ প্ৰতি সচেতন হ'ব লাগিব। বাহিৰৰ পৰা দেখা শুকান, 'ফ্ৰিজি', মসৃণ তথা ৰেচমী চুলিৰ স্বাস্থ্য নিৰ্ভৰ কৰে একমাত্ৰ খাদ্যৰ ওপৰত। সেয়েহে, চুলিখিনি শক্তিশালী কৰিবৰ বাবে আমি বিশেষ ভাৱে কিছুমান খাদ্য আমাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰাটো খুবেই জৰুৰী। সেইসমূহ খাদ্য হৈছে-

কণী

আমাৰ চুলি প্ৰ'টিনৰ দ্বাৰা গঠিত। সেয়েহে আমাৰ খাদ্যত পৰ্যাপ্ত প্ৰ'টিন থকাটো অতি দৰকাৰী। প্ৰ'টিন হৈছে চুলিৰ নিৰ্মাণ খণ্ড আৰু কণী হৈছে প্ৰ'টিনৰ আটাইতকৈ ধনী প্ৰাকৃতিক উৎস।

পালেং তথা অন্যান্য শাক

আইৰণ হৈছে এক অত্যাৱশ্যকীয় খনিজ যি চুলিৰ কোষবোৰৰ বিকাশৰ বাবে প্ৰয়োজন। শৰীৰত আইৰণৰ অভাৱৰ ফলত চুলি সৰে। যেতিয়া আপোনাৰ শৰীৰত আইৰণ কম থাকে, অক্সিজেন আৰু পুষ্টিবোৰ চুলিৰ শিপা আৰু ফলিকললৈ পৰ্যাপ্তভাৱে যাব নোৱাৰে। যিয়ে চুলিৰ বিকাশ প্ৰতিহত কৰিব পাৰে। সেয়ে আইৰণযুক্ত শাক পাচলি খায় আপুনি আপোনাৰ চুলি শক্তিশালী কৰি গঢ়ি তুলিব পাৰে।

নেমুজাতীয় ফল

চুলিৰ স্বাস্থ্য ভালে ৰাখিবলৈ ভিটামিন চিৰ যথেষ্ট প্ৰয়োজন হয়।যাৰ আপুনি আপোনাৰ খাদ্যৰ তালিকাত নেমুজাতীয় ফল অন্তৰ্ভূক্ত কৰোটো অতি জৰুৰী। চুলিৰ বাবে প্ৰয়োজনীয় কোলাজেন উৎপাদনৰ বাবেও ভিটামিন চিৰ প্ৰয়োজন। ই কোষবোৰ শক্তিশালী কৰি চুলিক নিয়মীয়া পুষ্টি যোগান ধৰে।

গাজৰ

চুলিৰ দ্ৰুত বিকাশৰ বাবে প্ৰতিদিনে গাজৰ খাব লাগে। চুলিৰ কোষৰ বিকাশৰ বাবে ভিটামিন এৰ প্ৰয়োজন। ই মূৰৰ ছালক প্ৰাকৃতিকভাৱে চিৰাম তেল উৎপাদনত সহায় কৰে। ই চুলিৰ বিকাশ বৃদ্ধি তথা ইয়াক স্বাস্থ্যৱান কৰি ৰাখে।

আভাকাড'

এই ফলবিধ ভিটামিন ই সমৃদ্ধ। ভিটামিন ই য়ে ৰক্ত সঞ্চালন উন্নত কৰে আৰু চুলিৰ বিকাশৰ বাবে ফলিকলবোৰক অধিক দক্ষতাৰে কাম কৰাত সহায় কৰে। ই তেল আৰু পিএইচ স্তৰৰ ভাৰসাম্যও বজাই ৰাখে। এই ভাৰসাম্যৰ তাৰতম্য ঘটিলে চুলিৰ ফলিকলবোৰ বন্ধ হৈ ইয়াৰ চুলিৰ বিকাশো বন্ধ কৰিব পাৰে। আভাকাড' হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ বুলি বিবেচিত মনোআনচেচুৰেটেড চৰ্বি সমৃদ্ধ।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin