Dailyhunt

চুলিত কিদৰে এল'ভেৰা ব্যৱহাৰ কৰিব লাগে জানি লওঁক

ডিজিটেল ডেস্ক: এল'ভেৰা হৈছে ঔষধি গুণ থকা উদ্ভিদ। ইয়াৰ ব্যৱহাৰে ছালক নতুন প্ৰাণ দিয়ে।এল'ভেৰা ছালৰ লগতে চুলিৰ বাবেও খুবেই উপকাৰী।হয়, এল'ভেৰাই আপোনাৰ চুলিকো আকৰ্ষণীয় কৰিব পাৰে।চুলিত এল'ভেৰা প্ৰয়োগ কৰাৰ ফলত চুলি চুলি শক্তিশালী আৰু বিকাশ দ্ৰুততৰ হয়।চুলিত এল'ভেৰা কিদৰে ব্যৱহাৰ কৰিব পাৰি, আজি জানো আহক-

এল'ভেৰা মাস্ক

এল'ভেৰাৰ পৰা তৈয়াৰ কৰা এটা প্ৰাকৃতিক মাস্ক প্ৰয়োগ কৰি আপোনাক দীঘল আৰু ক'লা চুলিৰ গৰাকী হ'ব পাৰে।এই মাস্ক তৈয়াৰ কৰিবলৈ আপুনি কণীৰ বগা অংশ এল'ভেৰা জেলত মিহলি কৰিব। তদুপৰি, জ'জ'বা তেল আৰু মেথি গুটিৰ সৈতে সামান্য পৰিমাণৰ মৌ মিহলি কৰি চুলিত প্ৰয়োগ কৰিব পাৰে।

এঘণ্টা ৰখাৰ পিছত চুলিখিনি চেম্পুৰে ধুই পেলাব। ই চুলি দ্ৰুতগতিত দীঘল হোৱাত সহায় কৰিব।

এল'ভেৰা ট'নাৰ

এল'ভেৰা জেলৰ সহায়ত চুলিৰ বাবে প্ৰাকৃতিক ট'নাৰ বনাব পাৰি। ইয়াৰ বাবে আপুনি ১/৪ কাপ আদাৰ ৰসত আধা কাপ এল'ভেৰা জেল মিহলি কৰি এই মিশ্ৰণটো স্প্ৰে বটল এটাত ভৰাই ৰাখিব আৰু সময়ে সময়ে ইয়াক চুলিত প্ৰয়োগ কৰক। এই মিশ্ৰণটো ২০ মিনিটৰ বাবে চুলিত লগাই ৰাখি পাছত ভালদৰে ধুই পেলাব।এল'ভেৰা জেলত থকা প্ৰদাহ-প্ৰতিৰোধী গুণাগুণবোৰে চুলি বৃদ্ধি কৰাত সহায় কৰিব।

আমলখিৰ সৈতে এল'ভেৰা মিহলি কৰিব

আপুনি এল'ভেৰাৰ সৈতে আমলখি ব্যৱহাৰ কৰি চুলি দীঘল আৰু ঘন কৰিব পাৰে। এল'ভেৰা জেলত আমলখিৰ ৰস মিহলি কৰি চুলি ২০ মিনিটৰ বাবে প্ৰয়োগ কৰি পিছত ভালদৰে ধুই পেলাব।এই ঘৰুৱা প্ৰতিকাৰবোৰে আপোনাৰ চুলি শক্তিশালী আৰু ধুনীয়া কৰাত সহায় কৰিব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin