Dailyhunt
ছুপাৰফুড কুট্টু (buckwheat millet) ৰ বিষয়ে জানেনে?

ছুপাৰফুড কুট্টু (buckwheat millet) ৰ বিষয়ে জানেনে?

ডিজিটেল ডেস্কঃ এজোপা উদ্ভিদ,যাৰ শিপাৰ পৰা পাত পৰ্যন্ত উপযোগী। প্ৰ'টিন,কাৰ্বহাইড্ৰেট, কেলচিয়াম,ফছফৰাছ, লৌহ পদাৰ্থ আৰু চৰ্বিৰ সমাহাৰ এইবিধ উদ্ভিদ। এইবিধ হৈছে বাকহুইট মিলেট বা কুট্টু । মিলেটৰে এক প্ৰজাতি।

প্ৰায় ৫ বা ৬ হাজাৰ বছৰৰ আগৰ পৰা দক্ষিণ-পূব এছিয়াত বাকহুইটৰ খেতি আৰম্ভ হৈছিল। তাৰ পৰাই মধ্য এছিয়া, মধ্যপ্ৰাচ্য আৰু তাৰ পিছত ইউৰোপলৈ বাকহুইট মিলেট বা কুট্টু বিয়পি পৰিল। হালপিলোৰ প্ৰতিবেদন অনুসৰি ফিনলেণ্ডত অন্ততঃ খ্ৰীষ্টপূৰ্ব ৫৩০০ চনলৈকে ইয়াৰ ব্যৱহাৰৰ লিখিত উল্লেখ আছে।

কুট্টুৰ উদ্ভিদ জোপা ২-৪ ফুট ওখ। ইয়াৰ পাতবোৰ ত্ৰিকোণীয় আৰু সম্পূৰ্ণ সেউজীয়া। প্ৰথমে উদ্ভিদজোপাত সৰু সৰু বগা ফুল ওলায়।

তাৰ পিছত এই ফুলবোৰ গোটা আকৃতিৰ ফললৈ পৰিণত হয়। এই ফলবোৰ শুকুৱাই লোৱাৰ পিছত সৰু সৰু বাদামী ৰঙৰ গুটি ওলায়। এইবোৰ পিহি কুট্টু প্ৰস্তুত কৰা হয়।

দক্ষিণ ভাৰতৰ জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু নীলগিৰি অঞ্চলত কুট্টুৰ খেতি কৰা হয়। উত্তৰ-পূব ভাৰতৰ কিছুমান অঞ্চলটো কুট্টুৰ খেতি কৰা হয়। বিশেষকৈ শীত কালত এইবিধ খেতিৰ বীজ সিঁচা হয়। শস্য ৮০ শতাংশ পকিলে চপোৱা হয়। তাৰ পিছত শুকুৱাই গুটিবোৰ পৃথক কৰা হয়। তাৰ পিছত সেইবোৰ পিহি আটা হিচাপে প্ৰস্তুত কৰে।

ৰাছিয়া, চীন আৰু কাজাখস্তান হৈছে বিশ্বৰ তিনিখন বৃহৎ কুট্টু উৎপাদনকাৰী দেশ। এই ক্ষেত্ৰত আমেৰিকা চতুৰ্থ স্থানত আছে। ইয়াৰ উপৰিও ইউক্ৰেইন আৰু কিৰ্গিস্তানৰ দৰে দেশতো বৃহৎ পৰিসৰত এইবিধ উদ্ভিদৰ উৎপাদন কৰা হয়।

এই দুই দেশত কুট্টু নিয়মীয়া খাদ্যৰ অংশ বুলিও জানিব পৰা যায়। জাপানত কুট্টুৰ নুডলছ অতি জনপ্ৰিয়। একেদৰে কুট্টুৰ ভিনেগাৰ চীনত তৈয়াৰ কৰা হয়। আমেৰিকা আৰু ইউৰোপৰ কুট্টুৰ কেক আৰু পেন কেক অতি জনপ্ৰিয়।

উল্লেখ্য যে,ৰোজাৰ দিন কেইটাত কুট্টুৰে লুচিৰ পৰা পকৰিলৈকে বিভিন্ন খাদ্য সামগ্ৰী তৈয়াৰ কৰিব পাৰি। স্বাস্থ্য বিশেষজ্ঞৰ মতে কুট্টুৰ প্ৰ'টিন অতি উত্তম উৎস। ১০০ গ্ৰাম কুট্টুত প্ৰায় ১৫ গ্ৰাম প্ৰ'টিন থাকে। ইয়াৰ উপৰিও ভাল পৰিমাণৰ কাৰ্বহাইড্ৰেট আৰু ফাইবাৰো পোৱা যায়। গতিকে কুট্টু এক প্ৰকাৰে ছুপাৰফুড হিচাপেও কাম কৰে।

এইখিনিটে উল্লেখ কৰা প্ৰয়োজন,কুট্টুত আলফা লিনোলেনিক এচিড পোৱা যায় যিটো বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণত অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়। আমেৰিকান জাৰ্নেল অৱ গেষ্ট্ৰ'এণ্টেৰ'লজিৰ তথ্য অনুসৰি,কুট্টুত অদ্ৰৱণীয় আঁহো থাকে,যিয়ে পিত্তথলীত পাথৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰাত অতি সহায়ক।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কুট্টুৰ গ্লাইচেমিক ইনডেক্স কম,সেয়েহে ইয়াক ডায়েবেটিছ ৰোগীৰ বাবেও উপকাৰী বুলি গণ্য কৰা হয়। আমি জনা উচিত যে,কুট্টু ডেৰ মাহৰ ভিতৰত নষ্ট হৈ যায়। ম্যাদ উকলি যোৱাৰ পিছত সেৱন কৰিলে খাদ্যত বিষক্ৰিয়া হ'ব পাৰে।

পাপৰি বৰ্মনলৈ ২০২৪ বৰ্ষৰ মুনীন বৰকটকী বঁটা
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin