Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
চৰাইদেউ মহোৎসৱত জিলিকিছে চ্যুকাফাৰ অসম আগমনৰ দৃশ্য

চৰাইদেউ মহোৎসৱত জিলিকিছে চ্যুকাফাৰ অসম আগমনৰ দৃশ্য

ডিজিটেল সংবাদ, চৰাইদেউঃ আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব চৰাইদেউ মহোৎসৱ। দশম বছৰৰ বাবে আয়োজিত চৰাইদেউ মহোৎসৱৰ অন্যান্য দিশৰ লগতে এইবাৰ আয়োজক সমিতিয়ে ব্যৱস্থা কৰিছে এখন বৃহৎ আকাৰৰ কেনভাছৰ। উক্ত কেনভাছত শিল্পীৰ তুলিকাত প্ৰাণৱন্ত হৈ উঠিছে চীনৰ য়ুন্নান প্ৰদেশৰ মাওলুংৰ পৰা সুদূৰ পাটকাই পৰ্বত (ডই-কাউ-ৰঙ্গ) অতিক্ৰমী অহা চ্যুকাফাৰ অসম আগমনৰ ঐতিহাসিক ক্ষণৰ অপূৰ্ব চিত্ৰায়ন।

এইবছৰৰ মহোৎসৱৰ থলিৰ মূল প্ৰৱেশদ্বাৰৰ সমূখত আয়োজক সমিতিয়ে ব্যৱস্থা কৰা ৫০ফুট দৈৰ্ঘ আৰু ৭ ফুট প্ৰস্তৰ বৃহৎ আকাৰৰ কেনভাছত মূৰ্ত হৈ উঠিব আহোমৰ স্বৰ্ণিল ইতিহাসৰ কেতবোৰ স্মৰণীয় দৃশ্যাৱলী। অসম আগমনৰ পাছত সৌমাৰত ভৰি থৈ ৰাজধানী পাতি চ্যুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠাৰ পৰা আহু খেতি কৰা, ৰংঘৰত উঠি ৰজাই খেল চোৱা, ল'ৰা ৰজাৰ অতপালিত জয়াৰ আত্মবলিদান লৈকে কেইবাটাও ইতিহাসৰ কাহিনীক প্ৰতীকি ৰূপত সুন্দৰকৈ চিত্ৰিত কৰি দৰ্শনাৰ্থীৰ বাবে সজাই তোলা হৈছে।

উল্লেখযোগ্য যে, উদীয়মান শিল্পী কল্যাণ বৰগোহাঁই (এঙেৰা), হিমাদ্ৰী কোঁৱৰ(এঙেৰা), ধ্ৰুৱজ্যোতি বৰুৱা (মাজপথাৰ), কৃষ্ণ চাহু (শিৱসাগৰ) আৰু অনুজ মেছ (শিমলুগুৰি)ৰ যৌথ প্ৰচেষ্টাত ৰং তুলিকাৰে ভাস্বৰ হৈ পৰা এই বৃহৎ আকাৰৰ কেনভাছখনত অংকিত হোৱা চিত্ৰসমূহে নতুন প্ৰজন্মক ইতিহাসৰ চৰিত্ৰ তথা কাহিনীসমূহক কিছু হ'লেও ধাৰণা দিব পাৰিব বুলি আশা কৰা হৈছে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin