Dailyhunt
দামী দামী ছেম্পুৰ সলনি ঘৰতে কৰিব পাৰি উফিৰ সমাধান

দামী দামী ছেম্পুৰ সলনি ঘৰতে কৰিব পাৰি উফিৰ সমাধান

ডিজিটেল ডেস্ক: অধিকাংশ লোকেই সন্মুখীন হোৱা এক অন্যতম সমস্যা হৈছে উফিৰ সমস্যা। যেতিয়া মূৰত যথেষ্ট উফি হয়, তেতিয়া খজুৱতি হয়। যাৰ বাবে আপুনি যিকোনো সময়তে বিৰক্তিৰ সন্মুখীন হ'ব লগীয়া হয়।উফিৰ পৰা পৰিত্ৰাণ পাবলৈ বজাৰত উপলব্ধ বহু তেল-ছেম্পু ব্যৱহাৰ কৰো ঠিকেই, কিন্তু এই প্ৰসাধন সামগ্ৰীসমূহৰ বহু পাৰ্শ্বক্ৰিয়া আছে।যদি আপুনিও দীৰ্ঘদিন ধৰি উফিৰ সমস্যাত ভূগি আছে, তেন্তে আজি আপোনাক ৫ টা ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে ক'বলৈ গৈ আছো, যাৰ দ্বাৰা আপুনি উফিৰ সমস্যাৰ পৰা সকাহ পোৱাৰ লগতে চুলিৰ স্বাস্থ্যও উন্নত কৰিব পাৰে।

আপুনি ছেম্পুৰ সৈতে কেইটোপালমান চাহ গছৰ তেল মিহলি কৰি চুলি ধুব পাৰে।তদুপৰি আপুনি এই তেল পানীৰ লগত মিহলি কৰি চুলিত স্প্ৰে কৰিব।এনেদৰে চুলিখিনি ২০ মিনিট মানৰ বাবে এৰি ছেম্পু আৰু কণ্ডিচনাৰ ব্যৱহাৰ কৰিব।মনত ৰাখিব, চাহ গছৰ তেল পোনপটীয়াকৈ চুলিত প্ৰয়োগ নকৰিব।

নেমুৰ ৰস

উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ নেমুৰ ৰসো যথেষ্ট কাৰ্যকৰী। ইয়াক দৈৰ সৈতে মিহলি কৰি চুলিত প্ৰয়োগ কৰিব পাৰে।দৈক প্ৰ'টিন আৰু কেলচিয়ামৰ এক ভাল উত্‍স বুলি গণ্য কৰা হয়।আপুনি দুই চামুচ দৈত এক চামুচ নেমুৰ ৰস মিহলি কৰি চুলিত প্ৰয়োগ কৰক আৰু আধা ঘণ্টাৰ পিছত চেম্পু কৰক।তদুপৰি নেমুৰ ৰস নাৰিকল তেল, এল'ভেৰা, মৌ, চাহপাত আদিৰ সৈতেও মিহলি কৰি চুলিত লগাব পাৰি।

এপল চাইডাৰ ভিনেগাৰ

এপল চাইডাৰ ভিনেগাৰৰ দ্বাৰাও উফিৰ সমস্যা দূৰ কৰিব পাৰি। আধা বাল্টি কুহুমীয়া পানীত পাঁচ মি.লি এই ভিনেগাৰ মিহলি কৰক। চেম্পু কৰাৰ পিছত ভিনেগাৰৰ পানীৰে চুলি পৰিষ্কাৰ কৰক।আপুনি সপ্তাহত কমেও দুবাৰকৈ চুলিত এই ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে।কিন্তু চুলিত কেতিয়াও পোনপটীয়াকৈ এপল চাইডাৰ ভিনেগাৰ প্ৰয়োগ নকৰিব।ই এটা অতি সক্ৰিয় যৌগ, যি পোনপটীয়াকৈ ব্যৱহাৰ কৰিলে মূৰৰ ছালৰ ক্ষতি কৰিব পাৰে।

এল'ভেৰা জেল

এল'ভেৰা জেলত প্ৰটিঅ'লাইটিক এনজাইম থাকে, যি চুলিৰ বিকাশ বৃদ্ধি কৰে। ছেম্পু কৰাৰ ৩০ মিনিট আগতে আপোনাৰ মূৰৰ ছাল আৰু চুলিত এল'ভেৰা জেল প্ৰয়োগ কৰক।ইয়াক সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিলে উফিৰ সমস্যা আঁতৰ হ'ব।তদুপৰি, একাপ এল'ভেৰা জেল, ১ চাহ চামুচ মৌ আৰু ২ চাহ চামুচ এপল চাইডাৰ ভিনেগাৰ মিহলি কৰি চুলিৰ গুৰিত লগাব পাৰে।

মেথিগুটি

মেথিত যথেষ্ট পৰিমাণৰ প্ৰ'টিন আৰু এমিনো এচিড পোৱা যায়, যিয়ে চুলিক স্বাস্থ্যৱান কৰি ৰাখে। মেথি খোৱাৰ ফলত চুলিৰ গুৰি শক্তিশালী হয়। ইয়াত লেচিথিন নামৰ এটা ৰাসায়নিক পদাৰ্থ থাকে যিয়ে চুলি শক্তিশালী কৰাত সহায় কৰে।ৰাতি তিয়াই থোৱা মেথি গুটি পিছদিনা পিছি তাৰ লগত দৈ মিহলি কৰা পেষ্ট চুলিত লগালেও যথেষ্ট উপকৃত হ'ব।

Kidney Health: অৱহেলা নকৰিব, লক্ষণ চিনি লৈ সাৱধানতা অৱলম্বন কৰক
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin