Dailyhunt

ডায়েবেটিছকে ধৰি বহু ৰোগ নিয়ন্ত্ৰণত সহায়ক তেজপাত

ডিজিটেল ডেস্ক: আমাৰ সকলোৰে পাকঘৰত মছলা থাকে।আমাৰ ধাৰণা এয়ে যে মছলা স্বাস্থ্যৰ বাবে খুবেই হানিকাৰক।কিন্তু প্ৰকৃততে সকলো মছলা স্বাস্থ্যৰ বাবে হানিকাৰক নহয়। কিছুমান এনে মছলাও আছে, যিবোৰ স্বাস্থ্যৰ বাবে খুবেই লাভজনক। ইয়াৰ ভিতৰত অন্যতম হৈছে তেজপাত। তেজপাত বহু ঔষধি গুণ সমৃদ্ধ। ইয়াত কেলচিয়াম, পটাছিয়াম, তাম, জিংক, আইৰণ, মেগনেছিয়ামৰ দৰে পুষ্টি থাকে, যি চাপ হ্ৰাস কৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ সংক্ৰমণৰ পৰা আমাৰ শৰীৰটোক সুৰক্ষা দিয়ে। আজি তেজপাতৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

শ্বাস-প্ৰশ্বাসৰ ৰোগ প্ৰতিৰোধ

তেজপাতে কাহ, চৰ্দি আৰু ব্ৰংকাইটিছৰ দৰে শ্বাস-প্ৰশ্বাসৰ সমস্যা প্ৰতিহত কৰে।ইয়াত বহুতো যৌগ থাকে, যি শ্বাস-প্ৰশ্বাসৰ ৰোগৰ পৰা আমাৰ শৰীৰটোক সুৰক্ষা দিয়ে।

হজমশক্তি উন্নত

তেজপাতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে। ই বৃক্ক স্বাস্থ্যৱান কৰি ৰাখে। তদুপৰি, ইয়াত পোৱা জৈৱিক যৌগবোৰে পেটৰ বিকাৰ, ইৰিটেবল বাৱেল চিণ্ড্ৰোম হ্ৰাস কৰাতো যথেষ্ট সহায় কৰে। আপোনাৰ খাদ্যত তেজপাত অন্তৰ্ভূক্ত কৰি আপুনি হজম শক্তি উন্নত কৰিব পাৰে।

চাপৰ পৰা সকাহ

তেজপাতত লিজিল নামৰ এবিধ উপাদান থাকে। এই উপাদানে উদ্বেগ আৰু চাপ আঁতৰ কৰাত সহায় কৰে। ইয়াত পোৱা গুণাগুণবোৰে হতাশাৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে।

ডায়েবেটিছ নিয়ন্ত্ৰণ

ডায়েবেটিছ ৰোগীসকলৰ বাবে তেজপাত অতি উপকাৰী বুলি গণ্য কৰা হয়। ই শৰীৰত ডায়েবেটিছৰ স্তৰ হ্ৰাস কৰে। টাইপ-২ ডায়বেটিছৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত তেজপাত অতি উপকাৰী।তদুপৰি, বেয়া কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাটো ই যথেষ্ট সহায়ক।

শৰীৰ ফুলা সমস্যা

তেজপাতে শৰীৰৰ প্ৰদাহ হ্ৰাস কৰাতো সহায় কৰে। ই আৰ্থ্ৰাইটিছ আৰু অন্যান্য প্ৰদাহজনিত ৰোগৰ বাবেও উপকাৰী।

সংক্ৰমণ প্ৰতিৰোধ

তেজপাতত ভিটামিন-চি পোৱা যায়, যি সংক্ৰমণ আৰু শৰীৰৰ জ্বলা-পোৰা সমস্যাৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে।

চুলিৰ বাবে উপকাৰী

চুলিৰ বিকাশতো তেজপাত খুবেই উপকাৰী। ই চুলি সৰাৰ সমস্যা দূৰ কৰাৰ লগতে ইয়াত পোৱা গুণাগুণবোৰে উফিৰ পৰা পৰিত্ৰাণ পোৱাতো সহায় কৰে।

এই ৰোগৰ বাবে আশীৰ্বাদ লং, সদায় খোৱা আৰম্ভ কৰক
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin