ডিজিটেল ডেস্কঃ পুনৰ মাতৃত্বৰ সুখ লাভ কৰিলে ভাৰতী সিঙে। ১৯ ডিচেম্বৰত পুৱা ভাৰতীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে। অনুৰাগীসকলে এতিয়া আগ্ৰহেৰে অপেক্ষা কৰি আছে তেওঁলোকৰ পোষ্টৰ বাবে।
উল্লেখ্য যে, তেওঁলোকে এতিয়ালৈকে সংবাদ মাধ্যমৰ সৈতে বা সামাজিক মাধ্যমত কোনো তথ্য শ্বেয়াৰ কৰা নাই। ইপিনে ভাৰতী সিঙে ২০২২ চনত তেওঁলোকৰ প্ৰথম পুত্ৰক জন্ম দিছিল, যাক নাম গোলা। ভাৰতী আৰু হৰ্ষৰ পৰিয়ালত এতিয়া কেৱল আনন্দৰ ৰোল। অৱশ্যে দুয়োৱে আনুষ্ঠানিক ঘোষণাৰ কৰাৰ বাবে এতিয়া সকলো অপেক্ষাৰত হৈ আছে।

